/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/yoga.jpeg)
ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঘাহী উজনিকুৰীত আজি দেওবাৰে বিয়লি প্ৰয়াত জন্মিৰাম দাস আৰু চেনেহী বালা দাসৰ বাসগৃহ প্ৰাংগনত এটি যোগ কেন্দ্ৰ মুকলি কৰা হয়। সেই উপলক্ষে ভাৰতীয় যোগ ফেডাৰচনৰ কাৰ্য নিৰ্বাহক তথা যোগ বিশেষজ্ঞ শংকৰদেৱ নাথে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰি ভাষণত কয় যে, শৰীৰ আৰু মনৰ সংযোগ ঘটাটোৱেই হ'ল যোগ। যোগ প্ৰনায়মে মানৱ শৰীৰটো নিৰোগী ৰখাৰ লগতে আধ্যাত্মিক ভাৱ জগাই তুলে।
বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তৰুণ দাসৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগ কেন্দ্ৰ মুকলি অনুষ্ঠানত তৰুণ দাস আৰু তেওঁৰ কন্যা হৰ্ষিতা প্ৰিয়ম দাসে বহুকেইটা যোগ প্ৰদৰ্শন কৰে। উল্লেখ্য যে যোগ কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানটোত ঘাহী আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি হৰেণ বৰা, সাংবাদিক দেৱজিৎ হাজৰিকা, বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডিম্বেশ্বৰ দাস, ঘাহী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য খগেন বনিয়া, শংকৰী কলা কৃষ্টিৰ সাধক কমলেশ্বৰ দাস, সমাজকৰ্মী দন্দিৰাম দাস, খগেন দাস, ললিত দাস, জেউতী দাসকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।