/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/71461209-ee7f-45eb-9862-017bbf1d0fbf/vfffd.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ অঞ্চলৰ ডিমৌৰ সৰবৰাহী মহিলা য়াকচি ডিনীৰ (৮০) শনিবাৰে বাৰ্ধক্য কাৰণত বিয়োগ ঘটে।
প্ৰাপ্ত খাবৰ মতে,ডিমৌ লামা পালে নিৱাসী প্ৰয়াত থানেশ্বৰ ডিনীৰ সহধৰ্মীনি মহিলা গৰাকী দুটামান দিনৰ পৰা অসুস্থ হৈ আছিল আৰু কালি শেষ নিশ্বাস ত্যাগ কৰে। জীৱনকালত ওচৰ চুবুৰীয়াৰ সৈতে সদায় সদভাৱ ৰক্ষা কৰা পৰোপকাৰী মহিলাগৰাকী ৰাইজৰ মাজত বাৰুকৈয়ে জনপ্ৰিয় আছিল।
ডিমৌ জুনিয়ৰ কলেজৰ উপাধ্যক্ষ পদ্মকান্ত ডিনীৰ মাতৃ প্রয়াত মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত বহু নিকট আত্মীয় লোকক ইহলোক এৰি থৈ গৈছে । মহিলা গৰাকীৰ মৃত্যুত শোকবিহ্বল ৰাইজে তেওঁৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
Also Read: মনিপুৰত সন্ত্ৰাসবাদীৰ গুলিত নিহত আছাম ৰাইফলছৰ জোৱান