/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/HEALTH.jpg)
ডিজিটেল সংবাদ বেবজীয়াঃ আজি বিশ্ব স্বাস্থ্য দিৱস। প্ৰত্যেক বছৰৰ ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস হিচাপে উদযাপন কৰা হয়। তাৰে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ সহযোগত নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁওত অৱস্থিত নেহৰু বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ত এখন স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়।
স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই স্বাস্থ্য শিবিৰত চিকিৎসক চন্দনা বৰ্মনে বিভিন্ন জনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰক্তচাপ, মধুমেহ ৰোগ আদি বিভিন্ন ৰোগৰ কাৰক সমূহৰ বিষয়ে বুজায় দিয়াৰ লগতে ৰোগসমূহৰ নিৰাময় প্ৰণালী বৰ্ণনা কৰে আৰু কি কি ঔষধ কেনেধৰনে সেৱন কৰিব লাগে, সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়।
তাৰ উপৰিও স্বাস্থ্য শিবিৰটোত বিনামূলীয়া ঔষধ বিতৰণ কৰাও হয়। সভাখনত নগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ সভাপতি নৰেন্দ্ৰ নাথ শইকীয়া , উপ-সভাপতি প্ৰফুল্ল হাজৰিকা , মুখ্য সম্পাদক সুনীল বৰা সম্পাদক ডা: দীপুমনি মেধী , সাহিত্য আৰু সংস্কৃতি বিভাগৰ সম্পাদক দীপুল বৰাৰ লগতে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দীপক শইকীয়া উপস্থিত থাকে। সদৌ শেষত নগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ হৈ সম্পাদক ডা: দীপুমনি মেধীয়ে চিকিৎসক চন্দনা বৰ্মনক ধন্যবাদ জ্ঞাপনেৰে সজাগতা শিবিৰৰ সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us