/asomiyapratidin/media/media_files/2025/06/05/E7xKdgPGV38Gn5mtM7w3.jpg)
ডিজিটেল ডেস্কঃ ২০২৫ চনৰ ৫ জুন তাৰিখে বাক্সা জিলাৰ আয়ুক্ত শ্ৰী গৌতম দাসে বিশ্ব পৰিবেশ দিৱস উপলক্ষে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক কাৰ্যসূচীত অংশ লয়।সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু পৰিবেশ আৰু বন বিভাগ, অসম চৰকাৰৰ যৌথ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত, এই সভা সম্বোধন কৰি, আয়ুক্ত শ্ৰী গৌতম দাসে প্লাষ্টিক ব্যবহাৰ সম্পূৰ্ণৰূপে আঁতৰোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু প্লাষ্টিকৰ ঋণাত্মক প্ৰভাৱসমূহক লৈ সচেতনতা বৃদ্ধি কৰে।
তেওঁ ছাত্ৰ-ছাত্ৰীক আহ্বান জনাই যাতে তেওঁলোকে নিজৰ পিতৃ-মাতৃ আৰু সমাজৰ লোকসকলক বজাৰসমূহত প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে উৎসাহিত কৰে। লগতে, পিকনিক বা বাহিৰৰ অনুষ্ঠানত পুনৰ্ব্যৱহাৰযোগ্য পানীৰ বটল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই আৰু দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ শপত ল’বলৈ আহ্বান জনায়।
এই কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয়ৰ প্ৰাঙ্গণত আয়ুক্তাজনৰ নেতৃত্বত বৃক্ষৰোপণ অভিযান চলোৱা হয়। এই প্ৰচেষ্টাত স্থানীয় মটৰচাইকেল ক্লাব, কছাৰী হগছ আৰু এম.চি. বডোলেণ্ডে সহযোগিতা আগবঢ়াই। আয়ুক্ত দাসে ছাত্ৰ-ছাত্ৰীক গছবোৰৰ যত্ন ল’বলৈও আহ্বান জনায়। অনুষ্ঠানত নৰ্থ ইষ্ট ড্ৰামা এণ্ড ফিল্ম মেনেজমেণ্ট ছ'ছাইটি, গুৱাহাটী দ্বাৰা “নদীৰ অসুখ” নামৰ এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানত সহকাৰী আয়ুক্ত শ্ৰী জিতু ৰাজ গগৈ, সহকাৰী আয়ুক্ত শ্ৰী মুস্তাফা ছলিম আহমেদ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী শ্রীমতী নিৰুপমা হালৈ, DFO শ্ৰী প্ৰদীপ কুমাৰ ভূঞা, জিলা DPO (TT) শ্ৰী প্ৰণৱ জ্যোতি কলিতা, লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us