আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস…

আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস…

author-image
asomiyapratidin
New Update
আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস…

গ্ৰাহক সকলৰো থাকে অধিকাৰ। সেই অধিকাৰ সাব্যস্ত কৰাৰ বাবে গ্ৰাহক সকল সদায় সজাগ সচেতন হোৱাৰ প্ৰয়োজন। তেনে লক্ষ্য আৰু উদ্দশ্যেৰে বিশ্বজুৰি প্ৰতি বছৰে ১৫ মাৰ্চত উদযাপন কৰা হয় বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।

Advertisment

এই বছৰৰ বিশ্বৰ গ্ৰাহক অধিকাৰ দিৱসৰ থিম হ'ল 'ফেয়াৰ ডিজিটেল ফাইনেঞ্চ'। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গ্ৰাহক অধিকাৰ দিৱল উপলক্ষ্যে বিভিন্ন সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হয়। প্ৰায়েই দেখা যায় যে গ্ৰাহক সকলক বিক্ৰেতা সকলে বিভিন্ন ধৰণে ঠগ প্ৰৱঞ্চনা কৰে ।ইয়াৰ বিপৰীতে গ্ৰাহকৰ অধিকাৰৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে সমগ্ৰ বিশ্বজুৰি এক আন্দোলনৰ সূচনা হৈছিল।

গ্ৰাহকৰ আন্তৰাষ্ট্ৰীয় সংগঠন সমূহৰ লগতে বিভিন্ন স্থানত থকা গ্ৰাহক সুৰক্ষাৰ বাবে সংগঠিত হোৱা সংগঠনেও বিশ্বৰ গ্ৰাহক অধিকাৰ দিৱসত গ্ৰাহক সকলৰ তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সচেতন কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনডিয়ে ১৯৬২ চনৰ ১৫ মাৰ্চত ইউএছ কংগ্ৰেছত ভাষণ দি গ্ৰাহকৰ অধিকাৰ সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰিছিল আৰু সেই দিনটোৰ পৰাই উদযাপন কৰি অহা হৈছে গ্ৰাহক অধিকাৰ দিৱস।

world consumer day