
ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ অন্তৰ্গত নিকাচিৰ জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়ৰ সভাগৃহত কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত UPSC, APSC and Indian Forest Services (IFS ) Exams ৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি খোৰোমদাও ঔৱাৰীয়ে সঞ্চালনা কৰা কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে বাক্সা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত নিজৰা বড়ো, নিকাচিৰ জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ গুণজিত পাঠক, কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, উপ-সভাপতি ৰোমদোন বসুমতাৰী, বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰী, সম্পাদক নন্দেশ্বৰ বড়োৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।
কাৰ্যসূচীত বিশেষ আমন্ত্ৰিত অতিথি হিছাপে বিকন আই এ এছৰ শিক্ষক জিতেন্দৰ কুমাৰ উপস্থিত হৈ নিজৰ ভাষনত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত উঠি অহা প্ৰজন্মক আকৰ্ষিত হৈ সজাগ হোৱাৰ ওপৰত ভাষণ ৰাখে । কাৰ্যসূচীত বাক্সা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বহু শতাধিক ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।