ঢকুৱাখনাত মহিলা সন্ধানহীন…

ঢকুৱাখনাত মহিলা সন্ধানহীন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত মহিলা সন্ধানহীন…

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত দুলিয়া বৰুৱা গাঁৱৰ এগৰাকী বিবাহিতা মহিলা শনিবাৰৰ পৰা সন্ধানহীন হোৱাৰ বাতৰিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  কৰ্ণিমা ব্ৰহ্ম নামৰ প্ৰায় ২৬ বছৰীয়া বিবাহিতা মহিলা গৰাকী শনিবাৰে থানাখনৰ অন্তৰ্গত দুলিয়া বৰুৱা গাঁৱৰ  স্বামী ৰঞ্জন চুতীয়াৰ ঘৰৰ পৰা স্বাভাবিক ঘৰুৱা কাম কৰি স্বাভাৱিক ভাবেই পুৱা ৯-৩০ বজাত ঢকুৱাখনা নগৰ চাৰিআলিলৈ বুলি ওলাই গৈ নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি নাহিল। 

পৰৱৰ্তী সময়ত স্বামী ৰঞ্জন চুতীয়াই ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত এক গোচৰ তৰিছে । ঢকুৱাখনা আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । স্বামী ঢকুৱাখনা নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত থকাৰ সুযোগ লৈ কোকোৰাঝাৰ জিলাৰ বাসুগাওঁ থানাৰ অন্তৰ্গত বড়ো কুছাকাটি গাঁৱৰ মনেন ব্ৰহ্মৰ কন্যা কৰ্নিকা ব্ৰহ্মই কি কাৰণত ঘৰৰ পৰা সোণৰ অলংকাৰ ,বেংক পাছবুক ,এ টি এম কাৰ্ডসহ সকলো সামগ্ৰীলৈ উধাও হ'ল সেয়া স্বামী আৰু পৰিয়ালবৰ্গই জানিব পৰা নাই ।

বিপৰীতে কৰ্নিকাৰ পিতৃ গৃহৰ সৈতে ফোন যোগে সঘন যোগাযোগ কৰিও কোনো সুদুত্তৰ লাভ নকৰাত চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া স্বামী আৰু স্বামীৰ পৰিয়াল। বৰঞ্চ পিতৃ পৰিয়ালে স্বামীগৃহৰ ফোন অৱজ্ঞা কৰা বুলিহে অভিযোগ উত্থাপিত হৈছে । ঢকুৱাখনা আৰক্ষীৰ তদন্তৰ পাছতহে সকলো প্ৰকৃত তথ্য পোহৰলৈ আহিব । জনা মতে মহিলা গৰাকীৰ মোবাইল সংযোগ বন্ধ হৈ আছে ।