/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/woman-from-meghalaya-to-patna-needs-help.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা। তেওঁক লাগে এক সহায়। মহিলাগৰাকীৰ নাম সুনম কুমাৰী। চাকৰি সূত্ৰে তেওঁ আছিল শ্বিলঙত। লকডাউনৰ বাবে পৰিয়ালৰ কোনো লোক আহিব পৰা নাই তেওঁৰ কাষলৈ। ৮ মাহৰ অন্তসত্বা এই মহিলাগৰাকী অকলেই ৰে'লযোগে ঘূৰি যাব বিচাৰিছে ঝাৰখণ্ডৰ ৰাচিত থকা ঘৰলৈ।
ইতিমধ্যে ৰে'লৰ টিকতো কাটিছে মহিলাগৰাকীয়ে। ১৯ মে'ত মহিলাগৰাকী যাব গুৱাহাটীৰ পৰা পাটনালৈ। লগত যাব একেলগে বিহাৰলৈ যাব খোজা আন এগৰাকী মহিলা আৰু এজন ব্যক্তি। কিন্তু সমস্যা হৈছে মহিলাগৰাকীৰ আন এক কাৰণ লৈ। মঙলবাৰে পুৱাই আছে তেওঁলোকৰ ৰে'ল। শ্বিলঙৰ পৰা সেইদিনা আহি কোনো কাৰণতে নাপায়হি ৰে'লখন। সেয়েহে সোমবাৰেই তেওঁলোক আহিব গুৱাহাটীলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/woman-news-602x1024.jpg)
গুৱাহাটীত আহি পোৱাৰ পাছত পিছদিনা পুৱালৈকে তেওঁলোক যথেষ্ট সময় অপেক্ষা কৰিব লাগিব ৰে'লৰ বাবে। ৰে'লষ্টনসমূহত নাই এতিয়া অপেক্ষাগৃহৰ ব্যৱস্থা। আগৰ দৰে ষ্টেচনত থাকিবও নিদিয়ে যাত্ৰীক। সেয়েহে এই মহিলাগৰাকী সোমবাৰৰ নিশা ১০ বজাত গুৱাহাটী পোৱাৰ পাছত পিছদিনাৰ পুৱালৈকে কেনেদৰে কটাব তাক লৈ চিন্তা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/meghalaya-woman-needs-help-621x1024.jpg)
অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা বাৰ্তালাপত মহিলাগৰাকীয়ে কৈছে- অলপমান বহিবলৈ ঠাই দিলেও অপেক্ষা কৰিব পাৰিব সেই সময়। ৮ মাহৰ অন্তসত্বা মহিলাগৰাকীৰ বাবে এতিয়া গুৱাহাটীত এই সময়খিনি কটাবলৈ নাই কোনো ব্যৱস্থা। সেয়েহে তেওঁ চিন্তিত হৈছে যথেষ্ট। প্ৰশাসনকো অনুৰোধ কৰিছে, পাৰে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ক মহিলাগৰাকীক। নহলে তেওঁ পদপথতে বহি কটাব লাগিব এই সময়।