গহপুৰ নগৰৰ দোকানে দোকানে ৰিপুণ বৰা, কিয়?

গহপুৰ নগৰৰ দোকানে দোকানে ৰিপুণ বৰা, কিয়?

author-image
asomiyapratidin
New Update
গহপুৰ নগৰৰ দোকানে দোকানে ৰিপুণ বৰা, কিয়?

ডিজিটেল সংবাদ, উত্তৰ অসমঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ঘোষিত কাৰ্য্যসূচী অনুসৰি শনিবাৰে গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত গহপুৰ নগৰত লোকসম্পৰ্ক অভিযান কাৰ্য্যসূচী ৰূপায়ণ কৰে ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে।

উক্ত কাৰ্য্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই অংশগ্ৰহণ কৰি গহপুৰ নগৰৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু একাংশ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰূদ্ধে ভুৱা প্ৰতিশ্ৰুতি, ব্যৰ্থতা, দুৰ্নীতি আৰু জনবিৰোধী নীতিৰ অভিযোগেৰে কংগ্ৰেছ দলে প্ৰকাশ কৰি উলিওৱা "বিজেপি চৰকাৰ, হিচাপ দিয়ক উত্তৰ দিয়ক" শীৰ্ষক পুস্তিকা আৰু প্ৰচাৰ পত্ৰ বিতৰণ কৰে।

উক্ত কাৰ্য্যসূচীত গহপুৰ বিধান সভাৰ প্ৰাক্তন বিধায়িকা, সংসদীয় সচিব মনিকা বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা আৰু যুৱ কংগ্ৰেছৰ বিষয়ববীয়া আদিয়ে অংশগ্ৰহণ কৰে।