কংগ্ৰেছ দল কিয় এৰিলে ভূবনেশ্বৰ কলিতাই…

কংগ্ৰেছ দল কিয় এৰিলে ভূবনেশ্বৰ কলিতাই…

ডিজিটেল ডেস্কঃ ১৯৮৪ চনৰ পৰা বিধায়ক, মন্ত্ৰী, সাংসদ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অধিস্থিত হোৱাকে আদি কৰি কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্যসভাৰ সদ্য পদত্যাগী সাংসদ ভূবনেশ্বৰ কলিতাই অৱশেষত কংগ্ৰেছ দলৰ পৰাও অব্যাহতি ল'লে। দলত্যাগ কৰিয়ে ইয়াৰ কাৰণ ৰাজহুৱা কৰিলে নেতাগৰাকীয়ে।

ভূৱনেশ্বৰ কলিতাই ৰাজহুৱা কৰা এক প্ৰেছ বিবৃত্তিত লিখিছে, 'এতিয়া এই দলটোক ধ্বংসৰ মুখৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। আজিৰ নেতৃবৰ্গই দলটো নিঃশ্চিহ্ন কৰিবলৈ ওলাইছে। আজি কংগ্ৰেছৰ বিচাৰধাৰাৰ পৰা এনে লাগিছে; দলটোৱে আত্মহত্যা কৰিছে আৰু মই ইয়াৰ অংশ হ'ব নিবিচাৰো।

লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে লিখিলে, আজি মোক মাতি নি হুইপ জাৰি কৰাৰ দায়িত্ব দিছিল; কিন্তু এয়া দেশৰ জনতাৰ ভাৱনাৰ বিৰুদ্ধে যোৱা হ'ব। সেয়া মই পালন কৰিব নোৱাৰো আৰু সেয়ে পদত্যাগ কৰিলো।'

উল্লেখ্য যে, সোমবাৰে পুৱা ৭ বজাতে ৰাহুল গান্ধীয়ে ভূবনেশ্বৰ কলিতাক মতাই নি সভাস্থগিত প্ৰস্তাৱ দাখিল কৰাৰ লগতে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ বিৰোধীতা কৰিবলৈ হুইপ জাৰিৰ নিৰ্দেশ দিছিল। সেইমতে সভাস্থগিত প্ৰস্তাৱ দাখিলো কৰিছিল নেতাগৰাকীয়ে। কিন্তু ক্ষন্তেক সময়ৰ পিছতে স্থিতি সলনি কৰি ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ লগতে বিদায় দিলে কংগ্ৰেছকো। ইফালে একাংশ লোকে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও এই সম্পৰ্কে তেখেতে কোনো কথা সদৰি কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in