/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/panchayat.jpg)
ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাতো আজি আৰম্ভ হৈছে ভোটগণনা৷ ৫ খন জিলা পৰিষদ, ৩ খন আঞ্চলিক পৰিষদ, ৩৭ খন গাঁও পঞ্চায়ত আৰু ৩৭০ জন সদস্যৰ বাবে আৰম্ভ হৈছে ভোটগণনা৷ উত্তৰ শালমাৰা মহকুমাৰ ৫ খন জিলা পৰিষদৰ ভিতৰত ১২ নং যোগীঘোপা জিলা পৰিষদত এআইইউডিএফ দলৰ ছাবিনা ইয়াছমিন আৰু কংগ্ৰেছ দলৰ নুৰ মেহেৰুণ নেছাৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
১২ নং উত্তৰ শালমাৰা জিলা পৰিষদত অগপৰ অৰুণ ৰায় আৰু বিজেপিৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী মাজত, ১২নং জাপেয়া-নাম্বাৰপাৰাত কংগ্ৰেছৰ খায়ৰুল ইছলাম আৰু অগপৰ সামেজ উদ্দিনৰ মাজত যুঁজ হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ ঠিক তেনেদৰে ১২ নং টাপাট্টাৰী জিলা পৰিষদত কংগ্ৰেছৰ ছামিনা আকতাৰ চৌধুৰী আৰু এ আই ইউ ডি এফ দলৰ মনিয়াৰা খাতুনৰ মাজত যুঁজ হোৱাৰ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে এই জিলা পৰিষদত অগপই প্ৰাৰ্থী দিয়া নাছিল৷ আনহাতে ১২ নং সৃজনগ্ৰাম জিলা পৰিষদত বিজেপিৰ চিত্ৰা সূত্ৰধৰ, অগপৰ জানকী বালা ৰায় আৰু কংগ্ৰেছৰ জোনটি ৰাজবংশীৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে৷