/asomiyapratidin/media/media_files/2025/09/22/zggggggg-2025-09-22-16-46-08.jpg)
ডিজিটেল ডেস্ক: অসমৰ বাবে জুবিন গাৰ্গ কি, সেয়া অসমীয়াই জানে। এতিয়া হয়তো সেয়া সমগ্ৰ বিশ্বইও অনুমান কৰিব পাৰিছে। কিন্তু, দুখ লগা কথা এয়ে যে, ছিংগাপুৰত কিদৰে জুবিন গাৰ্গে অনাকংক্ষিত মৃত্যুত সাৱটি ল’লে সেয়া এতিয়াও ৰহস্য হৈয়ে আছে। অসমবাসীয়ে এই মৃত্যু সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন কৰিছে। প্ৰকৃততে, কিদৰে তেওঁৰ মৃত্যু হ’ল, তাৰ তদন্ত কৰিবলৈ প্ৰতিগৰাকী অসমীয়াই চৰকাৰক আহ্বান জনাইছে।
জুবিনৰ মৃত্যুৰ বাবে সকলোয়ে জগৰীয়া কৰিছে ছিংগাপুৰলৈ গীত পৰিৱেশ কৰিবলৈ তেওঁক আমন্ত্ৰণ কৰা 'নৰ্থ ইষ্ট ফেষ্টিভেল'ৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ সৈতে এই অনুষ্ঠানলৈ যোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। বিশেষকৈ, মেনেজাৰ সিৰ্দ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে ইটোৰ পিছত সিটো অভিযোগ। জুবিন গাৰ্গৰ ছাঁৰ দৰে থকা এনে এজন মানুহৰ বিৰুদ্ধে ইমান গুৰুতৰ অভিযোগ উত্থাপিত হোৱাটো সঁচাকৈয়ে কিন্তু চিন্তা কৰিবলগীয়া কথা।
২০১৪চনৰ পৰা সিদ্ধাৰ্থ শৰ্মা জুবিনৰ মেনেজাৰ হিচাপে আছে। কিন্তু, জুবিনৰ প্ৰথম মেনেজাৰ কোন আছিল জানেনে ? জুবিনৰ প্ৰথম মেনেজাৰ আছিল তেওঁৰ এগৰাকী ঘনিষ্ঠ বন্ধু, তেওঁ এতিয়া এগৰাকী প্ৰভাৱশালী মন্ত্ৰী। তেওঁৰ নাম পবিত্ৰ মাৰ্ঘৰিটা। জুবিন-পবিত্ৰই প্ৰায় ২৫-৩০ বছৰ দুয়ো লগ হৈ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। তেতিয়া মেনেজাৰৰ সৈতে জুবিনে সৃষ্টিশীল কাম কৰিছিল।
বিধিৰো কি বিধান ! জুবিনৰ বহু অমৰ সৃষ্টিৰ সাক্ষী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰিয় বন্ধুৰ শেষ যাত্ৰাৰো সাক্ষী হ’ল। হয়, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ছিংগাপুৰৰ পৰা অসমলৈ আনিবলৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিবলগীয়া হৈছিল বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাই।