গায়ক যেতিয়া ভগৱান হয়, গীত হৈ পৰে প্ৰাৰ্থনা !

মায়াবিনী…। কেইদিনমান আগলৈকে 'মায়াবিনী' কেৱল এটা গীত আছিল। অসমীয়া শিল্পী জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গান, যিটো গায়কজনে নিজৰো আটাইতকৈ ভাল লগা গান।

author-image
সংগীতা দাস
New Update
web ap garima

ডিজিটেল ডেস্ক:মায়াবিনী…। কেইদিনমান আগলৈকে 'মায়াবিনী' কেৱল এটা গীত আছিল। অসমীয়া শিল্পী জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গান, যিটো গায়কজনে নিজৰো আটাইতকৈ ভাল লগা গান। কিন্তু এতিয়া এই মায়াবিনী কেৱল এটা গীত হৈ থকা নাই। এতিয়া মায়াবিনী হ'ল এটা প্ৰাৰ্থনা। যি প্ৰাৰ্থনাত অসম পুত্ৰ জুবিনক অসমীয়াই ঢুকি পায়। এই প্ৰাৰ্থনা কৰিলে সৰগত থকা জুবিনো খুব সন্তুষ্ট হয়। 

অসমক নিজৰ সকলোখিনি দি নেদেখা দেখলৈ গুচি গ'ল জুবিন। বিভিন্ন অনুষ্ঠানত আগতে জুবিনে কৈছিল, 'মই মৰিলে গোটেই অসমত কেৱল মায়াবিনী বাজিব লাগিব। সেয়াই হ'ল। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অনাকাংক্ষিত মৃত্যুক সাৱটিলে জুবিন গাৰ্গে। কেতিয়াও কোনেও কল্পনা কৰিব নোৱাৰা এই বাতৰি বিয়পি পৰাৰ লগে লগে একপ্ৰকাৰ স্তব্ধ হৈ পৰিল অসমীয়াৰ জন-জীৱন। সেইদিনা সন্ধিয়াৰ পৰাই অসমত অনুষ্ঠিত হ'ল অগণন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰতিজন অসমীয়াই জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গালে কেৱল 'মায়াবিনী'। সেই দিনাৰ পৰা আজিলৈ অসমৰ আকাশে-বতাহে কেৱল গুঞ্জৰিত হৈছে 'মায়াবিনী', 'মায়াবিনী' আৰু 'মায়াবিনী'।

ছিংগাপুৰৰ পৰা ২০ নৱেম্বৰৰ নিশা অসমলৈ অনা হৈছিল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। দিল্লী বিমানবন্দৰত জুবিনৰ পাৰ্থিৱ শৰীৰ চমজি লৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিৰ্শ্বশৰ্মা, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাসহ জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। চৰকাৰৰ পৃষ্ঠপোষকতাত বিমান বন্দৰতে অনষ্ঠিত হৈছিল এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। য'ত অসমৰ মুখ্যমন্ত্ৰীয়ে আঠি কাঢ়ি জুবিনৰ কফিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীসহ তাত উপস্থিত সকলোয়ে অতি আৱেগৰে গাইছিল 'মায়াবিনী ৰাতিৰ বুকুত...'

দিল্লীৰ পৰা আনি দুদিনৰ বাবে অসমীয়াৰ জুবিনক সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছিল। সেই দুদিনো লাখ লাখ অনুৰাগীৰ মুখ, আকাশে-বতাহে কেৱল 'মায়াবিনী'। ইয়াৰ পাছতে অসম মাতৃৰ কোলাৰ পৰা জুবিন পঞ্চভূতত বিলীন হোৱাৰ সেই ক্ষণ আহিছিল। চন্দন কাঠৰ চিতাত উঠাই দিয়া হৈছিল জুবিনৰ পাৰ্থিৱ শৰীৰ। এফালে জুবিনৰ মুখাগ্নি কৰা হৈছিল আৰু আনফালে তাত উপস্থিত লাখ লাখ অনুৰাগীয়ে সেমেকা চকুৰে একেস্বৰে গাইছিল 'মায়াবিনী'। জুবিনৰ দুখৰ দিনৰ লগৰী গৰিমা শইকীয়া গাৰ্গেও উদং বুকুৰে, কান্দি কান্দি প্ৰিয় মানুহজনৰ প্ৰিয় গানটো প্ৰাৰ্থনাৰ দৰে চিঞৰি চিঞৰি গাইছিল, 'মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত…'

জুবিন গাৰ্গ বিহীন অসমখন সঁচাকৈয়ে কল্পনা কৰিব নোৱাৰি। কিন্তু বাস্তৱ যি, তাকোটো নুই কৰিব নোৱাৰি। অসমীয়াৰ জুবিন অমৰ। জুবিনৰ প্ৰতিটো গীত, তেওঁ কৈ যোৱা কথাবোৰ, চিনেমাৰ চৰিত্ৰ, সংলাপবোৰতে সকলোয়ে জুবিনক বিচাৰি পাব। জুবিন গাৰ্গ সদায় অসমীয়াৰ শক্তি, সাহস আৰু আদৰ্শ হৈ থাকিব।