এছ আই কেলেংকাৰী : প্ৰশ্ন কাকত কেলেংকাৰীৰ মুল অভিযুক্ত এছ পি সঞ্জিত কৃষ্ণ ক’ত ?…

এছ আই কেলেংকাৰী : প্ৰশ্ন কাকত কেলেংকাৰীৰ মুল অভিযুক্ত এছ পি সঞ্জিত কৃষ্ণ ক’ত ?…

ডিজিটেল ডেস্ক : এছ আই বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰী তদন্তই লৈছে নতুন মোৰ । ১২ অক্টোবৰৰ পৰা অসম আৰক্ষী বিশেষ শাখা আৰু চিআইডিয়ে মাৰাথান জেৰা চলাই কৰিমগঞ্জ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক । সঞ্জিত কৃষ্ণক কাহিলীপাৰাত থকা আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয় আৰু উলুবাৰীত থকা চিআইডিৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিল ।

জেৰা কৰি নিশা ওভতাই পঠাইছিল সঞ্জিত কৃষ্ণক । প্ৰশ্ন কাককত ফাদিলৰ মূল অভিযুক্ত সঞ্জিত কৃষ্ণক নজৰত ৰাখিবলৈও মোতায়েন কাৰ হোৱা নাছিল কোনো আৰক্ষী । আনকি প্ৰাক্তন আৰক্ষী অধীক্ষক জনক গৃহবন্দী কৰা হোৱা নাছিল । পৰহি প্ৰাক্তন আৰক্ষী অধীক্ষক জন পলাই যায় ।কুমাৰ সঞ্জিত কৃষ্ণক বিচাৰি এতিয়া হাহাকাৰ লাগিছে অসম আৰক্ষীত ।

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বুধবাৰে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় । আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই চিআইডিৰ শীৰ্ষ বিষয়াৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ।

এছ আই কেলেংকাৰী তদন্ত প্ৰক্ৰিয়াত এজনৰ পিছত আন এজন অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ সময়তে আৰক্ষীয়ে জেৰা কৰাৰৰ পিছত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া সন্ধানহীন হোৱাৰ আঁৰত কি আছে সেয়া ৰহস্য জনক হৈ পৰিছে । প্ৰকৃততে অভিযুক্ত সঞ্জিত কৃষ্ণ সন্ধানহীন হ'ল নে অথবা অতি কৌশলেৰে অন্তৰ্ধান হ'বলৈ সুযোগ দিয়া হ'ল সেয়া স্বাভাবিকতে তদন্তৰ বিষয় হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in