/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/3392032a-e9d5-490d-a64d-66769f68ac0e.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: এমাহৰ আগলৈকে থকা ধানবোৰ এতিয়া পানীৰ তলত। পানীৰ পৰিমানো আকৌ কম নহয়। কোনো ঠাইত যদি এবুকু, আন ক'ৰবাত তাতকৈও অধিক।এই দৃশ্য ঢকুৱাখনাৰ পশ্চিম অংশৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/354ac840-b84d-48c5-b96d-3fdf817d01ec-1024x576.jpg)
পশ্চিম ঢকুৱাখনাৰ বৃহত্তৰ লেচেৰা অঞ্চলৰ ৰাইজে বিঘাই বিঘাই বড়ো ধানৰ খেতি কৰিছিল। কিন্তু খেতি চপাবলৈ হাতত কাঁচি লোৱাৰ সময়তে আহিল বান। এতিয়া এইসকল মিছিং জনগোষ্ঠীৰ কৃষিজীৱী ৰাইজৰ খেতি পথাৰত এবুকুলৈ পানী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/cea61cf8-72b0-4b64-8bc2-2a66ad5989de-1024x576.jpg)
কিছুদিনৰ আগলৈ সোণালী হৈ থকা পথাৰখনত এতিয়া কেৱল পানী আৰু পানী। ইমানদিন পানীৰ তলত ধানবোৰ থকা বাবে সকলো ইতিমধ্যে নষ্ট হৈছে। কিন্তু এই ধান কেইডালৰ বাবেই জীয়াই থকা মিছিং জনগোষ্ঠীৰ ৰাইজে এতিয়া মূৰে কপালে হাত দিয়াৰ বাহিৰে আন অৱস্থা নোহোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/81720ca9-74da-49d3-9b81-a3cd17ba7832-1024x576.jpg)
পিছে ইয়াৰ মাজতো ঠায়ে ঠায়ে নাও লৈ আহি একাংশ মহিলাই দ' পানীত নামি নষ্ট হোৱা ধানৰ মুঠি বোৰ তুলিবলৈ পাৰে মানে চেষ্টা কৰিছে। ভৱিষ্যতৰ ভাতমুঠিৰ বাবে এইসকল মহিলাৰ এই কাৰ্যই এতিয়া বহুতৰ চকু সেমেকাই তুলিছে।