পশ্চিমবংগৰ কালচিনিত ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু…

পশ্চিমবংগৰ কালচিনিত ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু…

author-image
asomiyapratidin
New Update
পশ্চিমবংগৰ কালচিনিত ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং( গ) ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু ঘটে।বলবমৰ পৰা উভতি আহোতে পশ্চিমবংগৰ আলিপুৰদূৱাৰৰ কালচিনিত তেওঁলোকে ব্যৱহাৰ কৰা চেভ্ৰলেট গাড়ী (নং এএচ ০১বি , ওৱাই ০১৮৩)খনক বিপৰীত দিশৰ পৰা অহা এখন ১৮চকীয়া ট্ৰাকে খুন্দামৰাত উক্ত ভয়াৱহ ঘটনাটো সংঘটিত হয় ।

উক্ত ভয়াৱহ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী তথা কোকৰাঝাৰ জিলাৰ ছালাকাটি নিৱাসী সুস্মিতা ৰায় ,তেওঁৰ পিতৃ ৰাজকুমাৰ ৰায় , তেওঁ মাতৃ কৈল্যাণী ৰায় আৰু তেওঁৰ ভগ্নী কুমকুম ৰায় বুলি আৰক্ষীয়ে সদৰি কৰিছে।

দুৰ্ঘটনাটোত তেওঁৰ কণমানী ভগ্নী আৰোছি ৰায়ো গুৰুতৰভাৱে আহত হৈছে । আৰোছি ৰায়ক সংকটজনক অৱস্থাত স্হানীয় ৰাইজে উদ্ধাৰ কৰি আলিপুৰদুৱাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে। তদুপৰি স্হানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আলিপুৰদুৱাৰলৈ প্ৰেৰণ কৰিছে।