লামডিঙ ৰেলৱে জংচনৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ …

লামডিঙ ৰেলৱে জংচনৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ …

author-image
asomiyapratidin
New Update
লামডিঙ ৰেলৱে জংচনৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ …

ডিজিটেল সংবাদ, লামডিং: দিনক দিনে ভাৰতীয় ৰেল সমূহত অপৰাধীৰ ৰমৰমীয়া বেহা বৃদ্ধি হৈছে। লামডিং ৰেলৱে জংচনত বুধবাৰে নিশা মাৰণাস্ত্ৰ উদ্ধাৰ হয়৷

১৫৬২৫ উজনিমুৱা দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ ৷ ৰেলখনৰ এটি সাধাৰণ শ্ৰেণীৰ ডবাৰ এটি বেগৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে এটি AK 47 বন্দুক ৷

লামডিং ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত বন্দুটো উদ্ধাৰ হয় যদিও বন্দুকটোত কোনোধৰণৰ সজীৱ গুলী নাছিল ।উদ্ধাৰ হোৱা বন্দুকটো কঢ়িয়াই অনা যুৱকজনে আৰক্ষীয়ে ডবাটোত তালাচী চলোৱা সময়তে পলাই যাবলৈ সক্ষম হয় ৷

ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক বিচাৰি লামডিঙত তালাচী আৰম্ভ কৰিছে ৷ ৰেল আৰক্ষীয়ে মাৰণাস্ত্ৰটো ঝাৰখণ্ডৰ পৰা আগৰতলা অভিমুখে নিয়াৰ সন্দেহ কৰিছে ৷

assam Assam police