পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ক’ত কিমান ভোটদান?

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ক’ত কিমান ভোটদান?

Published on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ১৬খন জিলা আৰু ১১টা মহকুমাত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত দিনৰ ভাগলৈ আশানুৰূপ ভোটদান সম্পন্ন হোৱা পৰিলক্ষিত হৈছে৷ কেতবোৰ ভোটকেন্দ্ৰত ভোটাৰৰ উপস্থিতি সেৰেঙা যদিও আন কেতবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে ভিৰ কৰি ভোটাধিকাৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে৷ আজি অনুষ্ঠিত হৈ থকা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত দুপৰীয়াৰ ভাগলৈ সম্পন্ন হোৱা কেইখনমান জিলাৰ ভোটৰ শতাংশ এনেধৰণৰ-

পুৱা ৭ বজাৰ পৰা বিয়লি ১ বজালৈকে লাভ কৰা তথ্য অনুসৰি গোলাঘাটত ভোটদানৰ হাৰ প্ৰায় ৫৩ শতাংশ৷ বোকাখাত মহকুমাত ১১ বজালৈকে ভোটদানৰ হাৰ আছিল ৩৩.৫৫ শতাংশ৷

ইফালে বিশ্বনাথ মহকুমাত পুৱা ১১ বজা পৰ্যন্ত ৩১.০২% ভোটাৰে ভোটধিকাৰ সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে৷ নাগশংকৰত ৩২.৮১ শতাংশ, চতিয়াত ২১.৩২ শতাংশ, পাভৈত ২৯.২৬ শতাংশ, বৰপথাৰত ২১.৩৬ শতাংশ ভোটদান সম্পন্ন হৈছে।

তদুপৰি বিশ্বনাথ মহকুমাত ৩৪.৯১ শতাংশ, মনাবাৰীত ৩২.৮৫ শতাংশ, জিনজিয়াত ২৫.০৫ শতাংশ, বৰগাঙত ৪২.০৭ শতাংশ আৰু নিজ বেহালীত ৩৯.০২ শতাংশ ভোটদান দিনৰ ১১ বজালৈ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in