/asomiyapratidin/media/media_files/2026/01/30/new-ap-web-2026-01-30-10-00-15.jpeg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে নোহোৱা হৈ যোৱাত ছচিয়েল মিডিয়াত ব্যাপক আলোড়নৰ সৃষ্টি হয়। অৱশ্যে খন্তেক সময়ৰ পূৰ্বে ২৭৪ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ থকা কোহলীৰ একাউণ্টটো পুনৰ সক্ৰিয় হয়। প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ একাউণ্টটো প্ৰায় ৮ ঘণ্টা ধৰি নিষ্ক্ৰিয় গৈ থকাক লৈ অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মাজনিশা বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে সেৱা বন্ধ হৈ যায়। এই সময়ছোৱাত একাউণ্টটো চাৰ্চ কৰোঁতে ব্যৱহাৰকাৰীসকলে “প্ৰফাইল উপলব্ধ নহয়” অথবা “ব্যৱহাৰকাৰী পোৱা নগ’ল” বুলি বাৰ্তা লাভ কৰিছিল। অৱশেষত শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত কোহলীৰ ইনষ্টাগ্ৰাম প্ৰফাইল পুনৰ দৃশ্যমান হৈ উঠে।
একাউণ্ট পুনৰ সক্ৰিয় হোৱাৰ পিছত পূৰ্বৰ সকলো পোষ্ট পুনৰ দেখা গৈছে। এই অনাকাংক্ষিত ঘটনাই কোহলীৰ অনুৰাগীসকলৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰে। সামাজিক মাধ্যমত বহুতে একাউণ্টটো নিষ্ক্ৰিয় কৰা হৈছে নে ডিলিট কৰা হৈছে, নে ইনষ্টাগ্ৰামৰ কোনো ডাঙৰ কাৰিকৰী সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি বিভিন্ন ধৰণৰ অনুমান কৰিবলৈ ধৰে।
এই ঘটনাৰ মাজতে বিৰাট কোহলীৰ ভাতৃ বিকাশ কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টতো একেই ধৰণৰ বাৰ্তা দেখা যোৱাত সন্দেহ আৰু অধিক বৃদ্ধি পায়। তদুপৰি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত পোষ্ট কৰা এটা ইঙ্গিতপূৰ্ণ বাৰ্তাই অনুৰাগীসকলক আৰু অধিক চিন্তিত কৰি তোলে। বহুতে সকলো ঠিক আছে নে কোনো গুৰুতৰ সমস্যা সৃষ্টি হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।
ইফালে, একাংশ অনুৰাগীয়ে বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট হেকিং কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে বিৰাট কোহলী, তেওঁৰ মেনেজমেণ্ট টিম অথবা ইনষ্টাগ্ৰাম কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us