বিশিষ্ট চিত্ৰশিল্পী তথা চলচিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
বিশিষ্ট চিত্ৰশিল্পী তথা চলচিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান

ডিজিটেল ডেস্ক : অসমীয়া ৰাইজে বিগত এটা মাহত হেৰুৱালে সংস্কৃতি, কলা জগতৰ বহু কেইজন ভোটা তৰাক । চিত্ৰশিল্পী নীল পৱন বৰুৱা তথা বিশিষ্ট অভিনেতা নিপন গোস্বামীদেৱৰ মৃত্যুৰ শোকত সমগ্ৰ ৰাজ্য বুৰ গৈ থকাৰ সময়তেই আন এক খবৰে কন্দুৱাই যায় ৰাজ্যবাসীক । বিশিষ্ট চিত্ৰশিল্পী তথা চলচিত্ৰ পৰিচালক পুলক গগৈয়ে ৰাতিপুৱা নিজা বাসগৃহত ত্যাগ কৰে শেষ নিশ্বাস । দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী । অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি অসমবাসীৰ মাজৰ পৰা বিদায় মাগিলে পুলক গগৈয়ে ।

Advertisment

উল্লেখ্য যে, ১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা পুলক গগৈয়ে পৰৱৰ্তী সময়ত চিত্ৰশিল্পৰ শিক্ষা লাভ কৰিছিল মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছৰ পৰা । কেৱল কেনভাছতেই নহয় বৰং বোলছবি জগততো পৰিচালনাৰ যোগেদি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে ।

জনদৃত অসমীয়া বোলছবি যেনে খোজ, সেন্দুৰ, ৰে'লৰ আলি দূবৰি বন, মৰম নদীৰ গাভৰু ঘাট আদিৰ পৰিচালনাৰে ৰজত কমল বঁটাও লাভ কৰিছিল পুলক গগৈয়ে । পুলক গগৈ পৰিচালিত প্ৰত্যেক খন বোলছবিয়েই যেন এক অনন্য মাত্ৰা প্ৰদান কৰিছিল অসমীয়া চলচিত্ৰ জগতক ।

এই সকলোৰে ওপৰিও গগৈৰ আছিল আন এক পৰিচয় । আসাম ট্ৰিবিউনত কাৰ্টুনিষ্ট হিচাপেও কিছু কাল অতিবাহিত কৰা পুলক গগৈ আছিল অসমৰ প্ৰথম গৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট ।

এনে এগৰাকী বৰেণ্য ব্যক্তিৰ উপস্থিতিয়েই যেন চহকী কৰি তুলিছিল অসমীয়া সাংস্কৃতিক জগতক ।

assam