/asomiyapratidin/media/media_files/2026/01/04/zczcczcz-2026-01-04-10-08-42.jpg)
ডিজিটেল ডেস্কঃ ইৰাক, লিবিয়া আদিৰ দৰেই এইবাৰ আমেৰিকাৰ আঘাত ভেনিজুৱেলাৰ সাৰ্বভৌমত্বত। কেৱল সার্বভৌমত্বত আঘাতেই নহয়, ভেনিজুৱেলাৰ ৰাজধানীত মার্কিন বাহিনীয়ে আকাশ অভিযান চলাই ধৰি-বান্ধি আমেৰিকালৈ লৈ গ'ল তুলনামূলকভারে অতি সৰু স্বাধীন দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাড়ুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লৰেছক।
শনিবাৰে নিশা সংঘটিত এনে মার্কিন দাদাগিৰিৰ বাতৰি পাই স্তম্ভিত হৈ পৰে সমগ্র বিশ্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে নিজৰ ছ'চিয়েল মিডিয়া ট্রুথ ছ'চিয়েলত দন্তৰে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক ধৰি অনাৰ কথা ঘোষণা কৰি লগতে কয় যে নিউয়র্কত ৰাষ্ট্ৰপতিজনৰ বিচাৰ চলোৱা হ'ব। ৰাষ্ট্ৰপতি মাড়ুৰোক সপত্নীক ধৰি অনা অভিযানত মার্কিন চৰকাৰী এজেন্সিসমূহে অংশ লয় বুলি ট্রাম্পে কয়।
উল্লেখনীয় যে তৈল সম্পদত অতি চহকী ভেনিজুৱেলাৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগ আনি আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনক আক্ৰমণ কৰাৰ ভাবুকি দি আহিছিল। আমেৰিকাত ২০২০ চনতে মাডুৰোৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আজি পুৱতি নিশা অতি গোপনে আৰু অতর্কিতে মার্কিন বাহিনীয়ে যুদ্ধ বিমান আৰু যুঁজাৰু হেলিকপ্টাৰেৰে অভিযান চলায়।
সাগৰত সষ্টম কৰি ৰখা হয় যুদ্ধ জাহাজ। ইয়াৰ পৰাই অভিযানত অংশ লয় মার্কিন বাহিনীৰ ডেল্টা ফ'ৰ্ট, এলাইট মিলিটাৰী আৰু স্পেচিয়েল মিছন ইউনিটৰ কমান্ডোৱে। তেওঁলোকে প্রথমে ৰাজধানীখনৰ নিৰ্দিষ্ট কেইটামান স্থানত বোমাবর্ষণ কৰে আৰু সেনা শিবিৰসমূহৰ বিদ্যুৎ যোগান কর্তন কৰি দিয়ে। তাৰ পিচতে হেলিকপ্টাৰৰ পৰা অৱতৰণ কৰা এলাইট ফ'ৰ্টৰ কমাণ্ডোৱে নির্দিষ্ট স্থানত অভিযান চলাই ৰাষ্ট্ৰপতি মাড়ুৰো আৰু তেওঁৰ পত্নীক ধৰি হেলিকপ্টাৰত উঠাই লৈ আঁতৰি যায়।
অভিযানৰ পূৰ্বে ভেনিজুৱেলাৰ সামৰিক বাহিনী আৰু সুৰক্ষা ব্যৱস্থা নিষ্ক্রিয় হৈ পৰিছিল। ভেনিজুৱেলাই চৰকাৰীভাৱে প্ৰকাশ কৰামতে, শনিবাৰে পুৱতি নিশা ৰাজধানী কাৰাকাছসহ মিৰাণ্ডা আৰাগুৱা আৰু লা গুৱাইৰা অঞ্চলত আমেৰিকাই বোমাবর্ষণ কৰে। ৰাজধানী চহৰত ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে আৰু সামৰিক শিবিৰত বিস্ফোৰণৰ শব্দ শুনা গৈছিল।
যদিহে মাদক দ্রব্য বন্ধ কৰাটোহে আমেৰিকাৰ উদ্দেশ্য, তেন্তে তেলৰ টেংকাৰবোৰত কিয় আক্রমণ কৰিছে বুলিও ভেনিজুৱেলাই আজি প্রশ্ন কৰে। কিছুদিনৰ পূৰ্বৰে পৰা আমেৰিকাই সাগৰেদি ভেনিজুৱেলাৰ পৰা তেল সৰবৰাহ কৰা টেংকাৰ জাহাজসমূহৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল।
আমেৰিকাই ভেনিজুৱেলাৰ বিৰুদ্ধে অনা ড্ৰাগছ সৰবৰাহৰ অভিযোগৰ বিপৰীতে বিশ্লেষকসকলে কৈছে যে ভেনিজুৱেলাৰ বিশ্বৰ অন্যতম বৃহত্তম তৈল সম্পদৰ ওপৰত ট্রাম্পৰ কুটিল দৃষ্টি পৰিছে। এই ঘটনাৰ তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি ৰাছিয়াই কয়- ' আমেৰিকাই ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছে। এয়া অতি উদ্বেগজনক আৰু নিন্দনীয়। ব্যক্তিগত শত্রুতাই এইক্ষেত্রত মানুহক নৈতিকভাবে অন্ধ কৰি পেলাইছে।'
ইটালীকে ধৰি একাংশ ৰাষ্ট্ৰই কৈছে- 'আমি পৰিস্থিতি লক্ষ্য কৰি আছো।' ভেনিজুৱেলাত চলা মার্কিন অভিযানৰ বিৰুদ্ধে অধিকাংশ দেশেই সুবিধাজনক স্থিতি গ্রহণ কৰিছে যদিও কঠোৰ ভাষাৰে এই কাৰ্যক গৰিহণা দিছে কিউবা, ইৰানেও। ভেনিজুৱেলাই নিজেই এই দুষ্কার্যক গৰিহণা দি কয় যে দেশখনৰ খাৰুৱা তেল আৰু সম্পদ হস্তগত কৰাৰ উদ্দেশ্যে আমেৰিকাই এই কাম কৰিছে। কিন্তু ট্রাম্প প্রশাসনৰ এই অভিপ্রায় সফল নহ'ব বুলি ভেনিজুৱেলাই কয়।
দেশখনে কৰা অভিযোগমতে, মার্কিন বাহিনীয়ে সাধাৰণ নাগৰিক এলেকাতো আক্রমণ চলায়। শনিবাৰে চলা এই আক্ৰমণৰ প্ৰস্তুতিৰ বিষয়ে অতি গোপনে ৰখা হৈছিল। আনকি মার্কিন সংসদ উচ্চ সদন ছিনেটৰ 'আর্মড ছার্ভিচেজ কমিটী'কো এই বিষয়ে অন্ধকাৰত ৰখা হৈছিল। মার্কিন ডেম'ক্রেট ছিনেটৰ ব্রায়ান শ্বার্টজে আজি কয়- আজিৰ অভিযানৰ বিষয়ে আমি এতিয়াও বিতংকৈ জানিব পৰা নাই।
ভেনিজুৱেলাত কি ঘটিছে, সেয়া মার্কিনবাসীক চৰকাৰে জনোৱা উচিত। কেইবামাহৰ পূৰ্বে আমেৰিকাই কেৰিবিয়ান সাগৰাঞ্চলত যথেষ্ট পৰিমাণে সেনাবাহিনী মোতায়েন কৰিছিল আৰু লক্ষ্য কৰি লৈছিল ভেনিজুৱেলাৰ জাহাজসমূহক। লগতে ভেনিজুৱেলা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ আকাশ সীমাকো বন্ধ ৰাখিবলৈ নির্দেশ দিছিল। ২০২৪ চনত ৰাষ্ট্ৰপতি মাডুৰোৰ নিৰ্বাচনত বৃহৎ জয় হৈছিল যদিও আমেৰিকাই স্বীকৃতি দিয়া নাছিল।
ট্রাম্পে অভিযোগ কৰি কৈছিল- দেশখনৰ দুর্দশাগ্রস্ত দেশবাসী আৰু গণতন্ত্রক পুনৰ উদ্ধাৰ কৰিব লাগিব। ট্রাম্পে মুখেৰে গণতন্ত্ৰৰ কথা কৈছে যদিও বিশ্লেষকসকলে কৈ আহিছে ট্রাম্পৰ এই অভিযানৰ নেপথ্যত আছে বৃহৎ ৰাজনৈতিক কৌশল আৰু বৃহৎ খনিজ সম্পদ দখল কৰাৰ গভীৰ ষড়যন্ত্র। ভেনিজুৱেলাই মাডুৰোক হত্যা কৰা বুলিও আশংকা কৰি যদিহে জীবিত আছে প্রমাণ দিবলৈ দাবী জনাইছে। একাংশই আশংকা কৰিছে নিষিদ্ধ সমৰাস্ত্র লুকুৱাই ৰখাৰ অভিযোগ আনি ছাদ্দাম হুছেইনৰ বিচাৰ কৰাৰ নামত প্রহসন চলাই ফাঁচী দিয়াৰ দৰে কামকে কৰিব পাৰে ট্রাম্প প্রশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us