অতি শীঘ্ৰে গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল

ভাৰতীয় ৰে'লৱেৰ তথ্য অনুসৰি গুৱাহাটী আৰু হাওৰাৰ মাজত বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ ভাড়া বিমান যাত্ৰাতকৈ কম হ'ব। ইপিনে বন্দে ভাৰত শ্লীপাৰ ৰে'লখনৰ স্পীড প্ৰতি ঘণ্টাত ১৮০ কিঃমিঃ,আনহাতে বাণিজ্যিকভাৱে ১৬০ কিঃমিঃ বেগত চলিব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বছৰৰ আৰম্ভণিতে আহিছে ৰে'ল যাত্ৰী সকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা ৰে'ল যাত্ৰা আৰু অধিক আৰামদায়ক হ'ব যাত্ৰীসকলৰ বাবে। অসম আৰু পশ্চিম বংগ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চল আৰু পূব ভাৰত সংযোগী বৃহৎ ৰে'ল প্ৰকল্পৰ কথা ঘোষণা কৰিছে। ভাৰতীয় ৰে'লৱেই অতি সোনকালে গুৱাহাটী আৰু কলকাতাৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল মুকলি কৰিব। 

image (58)

উল্লেখ্য যে,  ভাৰতীয় ৰে'লৱেৰ তথ্য অনুসৰি গুৱাহাটী আৰু হাওৰাৰ মাজত বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ ভাড়া বিমান যাত্ৰাতকৈ কম হ'ব। ইপিনে বন্দে ভাৰত শ্লীপাৰ ৰে'লখনৰ স্পীড প্ৰতি ঘণ্টাত ১৮০ কিঃমিঃ, আনহাতে বাণিজ্যিকভাৱে ১৬০ কিঃমিঃবেগত চলিব। 

image (59)

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে- গুৱাহাটীৰ পৰা যাত্ৰা কৰা ৰে'লত যাত্ৰীসকলক অসমীয়া খাদ্য পৰিবেশন কৰিব লগতে কলকাতাৰ পৰা যাত্ৰা কৰা ৰে'লত বঙালী খাদ্য পৰিৱেশন কৰা হ'ব। ভাৰতীয় ৰে’লৱেই ছমাহৰ ভিতৰত আৰু আঠখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে।

image (60)

বন্দে ভাৰত শ্লীপাৰ