অকলে নোৱাৰি ২ জনে দাঙিলে, উজান বজাৰত ৫৫ কেজি ওজনৰ প্ৰকাণ্ড মাছ…

অকলে নোৱাৰি ২ জনে দাঙিলে, উজান বজাৰত ৫৫ কেজি ওজনৰ প্ৰকাণ্ড মাছ…

author-image
asomiyapratidin
New Update
অকলে নোৱাৰি ২ জনে দাঙিলে, উজান বজাৰত ৫৫ কেজি ওজনৰ প্ৰকাণ্ড মাছ…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চাৰিওফালে এতিয়া বানৰ তাণ্ডৱ। কিছু কিছু অঞ্চলত বানৰ প্ৰকোপ হ্ৰাস পাইছে যদিও বহু অঞ্চলত এতিয়াও বানৰ তাণ্ডৱ শেষ হোৱা নাই। এনে পৰিস্থিতিৰ মাজতে বান প্ৰভাৱিত বহু এলেকাত মাছৰ উজান উঠাও দেখা গৈছে। বাঢ়নি পানীত নদী-পুখুৰী একাকাৰ হোৱাৰ ফলত সকলোতে উভৈনদী হৈছে মাছ।

এনে সময়তে মহানগৰীৰ উজান বজাৰস্থিত মাছ বজাৰত দেওবাৰে ওলাল এটা প্ৰকাণ্ড মাছ। ৫৫ কিঃগ্ৰাঃ ওজনৰ এই প্ৰকাণ্ড মাছতো ২ জন বেপাৰীয়ে সাঙি পাতি বজাৰলৈ লৈ আহে। আনকি প্ৰকাণ্ড এই গ্ৰাছ কাৰ্প মাছতো চাবলৈও বজাৰত ভিৰ কৰে অসংখ্য লোকে।

প্ৰাপ্ত খবৰ অনুসৰি প্ৰকাণ্ড মাছতো প্ৰতি কিলোত ৪০০ টকাৰ দৰত কেইবাজনো লোকে সমূহীয়াভাৱে ক্ৰয় কৰে। মাছতো কৰ পৰা অনা হৈছে সেই কথা স্পষ্টকৈ জানিব পৰা নাই যদিও কলকতাৰ পৰা অনা হৈছে বুলি বজাৰৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়ে।