উত্তৰ শালমাৰাত কংগ্ৰেছৰ অগ্ৰগতি

উত্তৰ শালমাৰাত কংগ্ৰেছৰ অগ্ৰগতি

author-image
asomiyapratidin
New Update

ডিজিটেল সংবাদ, অভয়াপুৰীঃ নিশা ১১বজালৈ উত্তৰ শালমাৰাত ঘোষিত হোৱা ফলাফল অনুসৰি পঞ্চায়তৰ আঞ্চলিক সদস্য পদত মুঠ ১১খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে৷ ইয়াৰে অগপই ২খন, কংগ্ৰেছে ৫ খনত আৰু এ আই ইউ ডি এফে ৪ আসনত ইতিমধ্যে জয়লাভ কৰিছে৷

Advertisment

আনহাতে গাঁৱ পঞ্চায়ত সভাপতি পদৰ ১২খন আসনৰ ভিতৰত বিজেপিয়ে ৩খনত, অগপ ১খনত, কংগ্ৰেছে ৩খনত আৰু এ আই ইউ ডি এফে ৪খন আসন আৰু নিৰ্দলীয় ১খন আসনত জয়লাভ কৰিছে৷ উক্ত গাঁও পঞ্চায়তৰ সদস্য পদত ফলাফল ঘোষিত হোৱা মুঠ ১৯০খন আসনৰ কংগ্ৰেছ ৮৩খনত, বিজেপি ৩৮খনত, অগপ ৩১খনত, এ আই ইউ ডি এফ ৩৭খনত আৰু নিৰ্দলীয় ৮খন আসনত জয়লাভ কৰিছে৷