-
লামডিং ৰেল জংচনত সংঘটিত হৈছে এক অঘটন।
-
ৰেলৱে জংচনতে উত্তৰ প্ৰদেশ পৰা অহা এজন যাত্ৰীৰ মৃত্যু হয়।
-
জংচনটোৰ ৩ নম্বৰ প্লেট ফৰ্মত সংঘটিত হৈছে এই ঘটনা ৷
-
নৰেশ ৰাজপুত নামৰ প্ৰায় ৬৫ বছৰীয়া লোকজন উত্তৰ প্ৰদেশৰ পৰা ফুৰিবলৈ আহিছিল অসমলৈ।
-
কিন্তু হঠাৎ লামডিং জংচনৰ ৩ নম্বৰ প্লেট ফর্মত ঢলি পৰি মৃত্যু হয় লোকজনৰ ।
-
জানিব পৰা মতে প্ৰচণ্ড গৰমৰ বাবে লোক জনৰ উচ্চ ৰক্তচাপত মৃত্যু হয় যাত্ৰীজনৰ।
-
আনফালে ঘটনাস্থলীত ৰে'ল আৰক্ষী আৰু আৰ পি এফ উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে৷
-
ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰা নথিপত্ৰ পৰা লোকজন পেছাত ব্যৱসায়ী আছিল বুলি জানিব পৰা গৈছে।
Also Read: কলা-বিজ্ঞান দুয়োটা শাখাতে ১০০%ৰে উজলিল বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়