কোনে ধ্বংস কৰিব বিচাৰিছে উত্তৰ গুৱাহাটীক, কিয় হৈছিল ভটভটীৰ দুৰ্ঘটনা…

কোনে ধ্বংস কৰিব বিচাৰিছে উত্তৰ গুৱাহাটীক, কিয় হৈছিল ভটভটীৰ দুৰ্ঘটনা…

গুৱাহাটীৰ গাতে লাগি থকা অসমৰ ইতিহাসৰ সবাতোকৈ সমৃদ্ধ ঐতিহ্যক্ষেত্ৰ অৱহেলিত কিয়? উন্নয়নৰ নামত বহু পূণ্যতীৰ্থ আৰু ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ উত্তৰ গুৱাহাটীক এফালৰ পৰা ধ্বংস কৰি পেলাব বিচৰা হৈছে নেকি? প্ৰত্নতাত্বিক আৰু পুৰাতাত্বিক সমলেৰে ভৰপূৰ অঞ্চলটো যি সময়ত বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে গঢ়ি তুলিব লাগিছিল, সেই সময়ত অতি কৌশলপূৰ্ণভাবে উন্নয়নৰ নামত ইয়াক গুৱাহাটী মহানগৰীৰ বিকল্প হিচাপে প্ৰদূষণকাৰী উদ্যোগেৰে ভৰপূৰ চেটেলাইট চিটিত পৰিণত কৰিব বিচৰা হৈছে নেকি? যি পৰিকল্পনাই নিঃশ্চিহ্ন কৰি পেলাব নেকি অশ্বক্লান্ত, দীৰ্ঘেশ্বৰী, কানাই বৰশী বোৱা শিল, দৌল গোবিন্দ, শৰাইঘাটৰ যুদ্ধৰ বাবে আহোম সেনাই নাও লৈ আত্মগোপন কৰি থাকি শেষ ৰণ দিয়াৰ বাবে প্ৰস্তুতি চলোৱা ইতিহাসেৰে জড়িত সেই ক্ষেত্ৰবোৰ। এনে আশংকা আজি এই অঞ্চলৰ মানুহৰ মুখে মুখে। তাকে লৈ অশ্বক্লান্তক মুখ্য কৰি আৰম্ভ কৰিব খোজা এলানি প্ৰতিবেদনৰ আৰম্ভণিতে আজি পলাশ জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন।

গংগা, যমুনা, সৰস্বতী একেলগ হৈছে প্ৰয়াগৰ সেই পবিত্ৰখণ্ডত, যাক দেশৰ ভিতৰতে সবাতোকৈ পবিত্ৰস্থান ৰূপে গণ্য কৰি হিন্দু ধৰ্মাৱলম্বী প্ৰায় সকলো লোকেই নিজৰ পিতৃ-মাতৃৰ অস্থি সেইস্থানত বিসৰ্জন দিলে নিৰ্বাণ প্ৰাপ্তি হয় বুলি গণ্য কৰে। ত্ৰিবেণী সংগম ৰুপে পৰিচিত এই পূণ্যস্থানৰ সৈতে ৰিজুৱা হয় অসমৰ গুৱাহাটী মহানগৰীৰ উত্তৰ পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত থকা অশ্বক্লান্ত নামধাৰি সেই শিলাখণ্ডৰ ওপৰেৰে বৈ থকা লুইতৰ জলৰাশি। কুন্দিল ৰাজ নন্দিনী ৰুক্মিণীক হৰণ কৰি নিয়াৰ সময়ত শ্ৰীকৃষ্ণৰ ৰথৰ ঘোৰাক জিৰণি দিবলৈ বোলে উত্তৰ গুৱাহাটীৰ সেই স্থানতে ঘোৰা এৰি দি কৃষ্ণয়ো শিল চটাত বিশ্ৰাম কৰিছিল। তেওঁৰ পদ যুগলৰ চিহ্ন এতিয়াও তাত বিদ্যমান। পৰৱৰ্তী সময়ত অশ্বক্লান্ত ৰুপে পৰিচিত হোৱা এইস্থানৰ পাৰতে গঢ় লৈ উঠিছিল বিষ্ণু মন্দিৰ।

ভগৱান শ্ৰীকৃষ্ণৰ পদচিহ্ন সম্বলিত শিল…

আনহাতে যি চটা শিলত ভগৱান শ্ৰীকৃষ্ণৰ পদচিহ্ন আছে সেই চটা শিলৰ ওপৰেৰে ব্ৰহ্মাৰ পুত্ৰ ৰূপে খ্যাত পবিত্ৰ ব্ৰহ্মপুত্ৰৰ স্ফটিক ধাৰা বৈ যায়। এনে এক পবিত্ৰ স্থান বাবেই অসমৰ মানুহৰ বাবে প্ৰয়াগৰ ত্ৰিবেণী সংগমৰ সমতুল্য পূণ্যক্ষেত্ৰৰুপে পৰিগণিত অশ্বক্লান্তত প্ৰয়াত পিতৃ-মাতৃ বা আত্মীয় স্বজনৰ অস্থি বিসৰ্জন দিলেই প্ৰয়াত জনৰ আত্মা-পৰমাত্মাৰ সৈতে মিলিত হৈ নিৰ্বাণ প্ৰাপ্তি ঘটে বুলি বিশ্বাস কৰে। সেই বিশ্বাসেৰেই অশোকাষ্টমীৰ দিনা অগণন লোক সমাৱেশিত হৈ অশ্বক্লান্তত আৰু পবিত্ৰ ভাবেৰে অস্থি বিসৰ্জন দি ইষ্ট দেৱতাৰ পাৰ্থনা আৰু স্নানৰ অন্তত পৰিয়ালৰ মংগল কামনা কৰি ঘৰলৈ উভতে। এনে এক পূণ্য তীৰ্থ অশ্বক্লান্তকে এতিয়া পংকীলতাই এফালৰ পৰা গ্ৰাস কৰি নিছে।

জাইকাৰ পানী প্ৰকল্পৰ নিৰ্মাণৰত লুৰ দলং…

ভগৱানৰ সেই বিশ্ৰামথলীৰ ওপৰেৰে নিৰ্মাণ হৈছে উত্তৰ গুৱাহাটীবাসীক লুইতৰ পবিত্ৰ জল নিস্কাশনেৰে বিষুদ্ধ খোৱাপানী যোগানৰ বৃহৎ প্ৰকল্পৰ বাবে জলোত্তলনৰ পাইপ সংযুক্ত লোহাৰ দলং। যিখন দলঙত খুন্দা মাৰিয়ে যোৱা বছৰ দোখৰ দোখৰ হৈছিল গুৱাহাটী মহানগৰীৰ পৰা উত্তৰ গুৱাহাটীমুখী অভিশপ্ত ভটভটীখন। ২০১৮ বৰ্ষৰ চেপ্তেম্বৰ ৫ তাৰিখে অশ্বক্লান্ত ঘাটৰ সমীপত দুপৰীয়া প্ৰায় ১.৩০ বজাত দুৰ্ঘটনাত পতিত হয় অতিকমেও ৪০জনকৈ যাত্ৰী কঢ়িয়াই অনা এখন ভটভটী। জাইকাৰ নিৰ্মীয়মান প্ৰকল্পত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল নাওখন। নাওখনত আছিল ৮-১০খন মটৰ চাইকেল। যিসমূহ পানীত পৰি গৈছিল। বহুলোকে হেৰুৱাইছিল প্ৰাণ। কোনো কোনোৱে অ'ত ত'ত ধৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

সেইসময়তে পানীযোগানৰ বাবে অশ্বক্লান্ত ঘাটত এনেদৰে দেৱালয়ৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছিল। সেয়া অৱশ্যে বহুলোকে অন্ধবিশ্বাস বুলিও কৈছিল। ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণৰূপে ডুব যোৱা নাওখনৰ এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই। সন্ধান নোলাল নিৰুদ্দেশ হোৱা কেইবাজনো লোকৰো। নাওখন ঘাট পাবলৈ কেই মিনিটমান বাকী থকা অৱস্থাতে সংঘটিত হৈছিল এই অঘটন। এনেদৰে জাইকাৰ পানীৰ প্ৰকল্পই লৈছিল বহুজনৰ প্ৰাণ। নাও দুৰ্ঘটনাৰ সেই ভয়াৱহ দৃশ্য-

দুৰ্ভাগ্যৰ কথা যে, প্ৰয়াগৰ দৰে এখন ঠাইৰ পবিত্ৰ ভূমি বা নদীৰ প্ৰতি চৰকাৰৰ নাই কোনো গুৰুত্ব। অশ্বক্লান্তৰ এটা দিশত আছে কামাখ্যা মন্দিৰ, আন এটা দিশত আছে শুক্লেশ্বৰ ঘাট, উমানন্দ আৰু পিছফালে আছে দীঘেশ্বৰী মন্দিৰ আৰু দৌল গোবিন্দ। প্ৰয়াগ হৈছে উত্তৰ প্ৰদেশৰ এখন বৃহৎ ঠাই। ঠাইখনৰ ত্ৰিবেণী সংগম হৈছে হিন্দুসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। পূৰ্বে এই ঠাইত বাস কৰিছিল আৰ্যসকল। প্ৰয়াগলৈ দেশ বিদেশৰ বহুলোক যায়। লোক বিশ্বাস অনুসৰি প্ৰয়াগলৈ গ'লে পাপ খণ্ডন হয়। যাক কোৱা হয় "প্ৰয়াজ্ঞাশ্যম প্ৰৱেশো পাপম নাষ্টি তক্ষনম।" সকলো ধৰ্মৰ লোকে বাস কৰা প্ৰয়াগৰ আছে এটি সুন্দৰ অতিত আৰু বৰ্তমান।

প্ৰয়াগৰ ত্ৰিবেণী সংগম…

ঋক বেদৰ দিনৰে পৰা প্ৰয়াগৰ আছে তীৰ্থস্থান হিচাপে বিশেষ খ্যাতি। মহাভাৰততো প্ৰয়াগক বৰ্ণনা কৰা হৈছে এখন পবিত্ৰ তীৰ্থস্থান হিচাপে। এনেদৰে বুৰঞ্জী তথা বিভিন্ন আখ্যানত প্ৰকাশ পোৱা প্ৰয়াগক উত্তৰ প্ৰদেশ চৰকাৰে দেশ-বিদেশত সকলো লোকৰে সমাদৰ লাভ কৰিব পৰাকৈ সুন্দৰকৈ সজাই তুলিছে। প্ৰয়াগত আছে বহু মঠ-মন্দিৰ যিসমূহ চাবলৈ প্ৰতিদিনে বহু তীৰ্থযাত্ৰীৰ সোঁত বয়। চৰকাৰে এনেদৰে তীৰ্থযাত্ৰীসকল যোৱাৰ বাবে লাভ কৰে ৰাজহ। নিশাৰ প্ৰয়াগৰ দৃশ্যই হৰণ কৰে সকলো লোকৰে মনোযোগ। বিশেষকৈ কুম্ভমেলাৰ কথা এইক্ষেত্ৰত কব পাৰি।

প্ৰয়াগৰ কুম্ভমেলাৰ নিশাৰ দৃশ্য…

অসমত চৰকাৰ আহে আৰু যায়। উন্নতি নহয় ঐতিহাসিক ঠাই তথা বিভিন্ন তীৰ্থস্থানৰ। উত্তৰ গুৱাহাটীত অশ্বক্লান্তৰ ওপৰেৰে যোগান ধৰা হৈছে পানী। প্ৰায় ৪-৫ বছৰ ধৰি পানী যোগানৰ বাবে জাইকাই প্ৰকল্পৰ কাম কৰি আছে। কামৰ নামত প্ৰায় ৬০ শতাংশ সম্পন্ন কৰিয়ে দায়িত্ব সামৰিছে কৰ্তৃপক্ষই। কিছুদিন পূ্ৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাইকাৰ পানীৰ প্ৰকল্প পৰ্যবেক্ষণ কৰি অক্টোবৰৰ পূৰ্বে ৰাইজে পানী পাব বুলি কৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত সেয়া যে সম্ভৱ নহয় সেয়াই নিশ্চিত। কিয়নো বিগত ৪-৫ বছৰে কাম কৰাৰ পিছতো সম্পাদন হ'ল মাত্ৰ ৬০ শতাংশ কামহে। তেনে স্থলত পৰৱৰ্তী এই কেইমাহত সেয়া সম্পূৰ্ণ হোৱাটো অসম্ভৱ।

প্ৰয়াগৰ দৰে এখন তীৰ্থস্থান অশ্বক্লান্তক সংৰক্ষিত কৰা আৰু পৰ্যটকৰ বাবে সজাই পৰাই তোলাৰ ক্ষেত্ৰত গুৰুত্ব নাই চৰকাৰৰ। মন্দিৰৰ কাষত থকা বিষ্ণু মন্দিৰৰো বৰ্তমান অৱস্থা তথৈৱচ। মন্দিৰত থকা কৰ্মচাৰীসকলৰো নাই কোনো দৰমহা। যাৰ বাবে কাম এৰি যাবলগীয়া হৈছে সেইসকল কৰ্মচাৰীয়ে। ঠাইখনো বৰ্তমান জংঘলেৰে ভৰি পৰিছে। পৰিত্যক্ত ঠাইখনলৈ এতিয়া নাযায় পূৰ্বৰ দৰে পৰ্যটকো। গতিকে কৰ্মচাৰীসকলৰো হ্ৰাস পাইছে উপাৰ্জন। কাম এৰি গুচি গৈছে বহু কৰ্মচাৰী।

৪ লেনযুক্ত পথ নিৰ্মাণৰ কাম আগবাঢ়িছে…

উত্তৰ গুৱাহাটীলৈ দুখনকৈ দলং বনোৱাৰ লগতে ৪ লেনযুক্ত পথ বনাবলৈ যো-জা চলাইছে চৰকাৰে। পথ নিৰ্মাণৰ কামৰ বাবে পূৰ্বৰ পথটোৰ দুয়োকাষ খান্দি বহল কৰা হৈছে। উত্তৰ গুৱাহাটীতে আছে কানাই বৰশী বোৱা শিল, দীৰ্ঘেশ্বৰী মন্দিৰ। সেই উত্তৰ গুৱাহাটীতে ঋষি মাৰ্কেন্দই দুৰ্গাক সু শৰীৰে দেখিছিল। এতিয়া সেই স্থানেৰে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ৪ লেনযুক্ত পথ। জানিবলৈ পোৱা মতে, এই কাৰ্যত ইতিমধ্যে সেনা বাহিনীয়ে হস্তক্ষেপো কৰিছে। যদিও উত্তৰ গুৱাহাটীৰ বিকাশৰ বাবে এই দলং নিৰ্মাণৰ কাম কৰিবলৈ লোৱা বূুলি চৰকাৰে কৈছে। কিন্তু এই কাৰ্যৰ দ্বাৰা তীৰ্থস্থান খনলৈ আহিব পাৰে ভয়াবহ ভৱিষ্যত। এইমছৰ পিতনি পুতিবলৈও কাটি পেলোৱা হৈছে পাহাৰ। এতিয়া ৪ লেনযুক্ত পথ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে চাংসাৰি আৰ্মী কেম্পৰ পিছফালে বেজেৰা, মান্দাকাটা পাহাৰ হৈ। যাৰ বাবে দলং নিৰ্মাণ কৰিলে এই দলঙে উত্তৰ গুৱাহাটীক সংযোগ কৰিব ভৰলুৰ সৈতে।

আন এখন দলং নিৰ্মাণ কৰিবলৈ লোৱা হৈছে কুৰোৱাৰ পৰা মৰিগাওঁ-নগাওঁ পথক সংযোগ কৰি। উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দই হওক, কানাই বৰশী বোৱা শিল, অশ্বক্লান্ত, আউনিআটী সত্ৰ, দীঘেশ্বৰী মন্দিৰেই হওক এই সকলো পৰ্যটকৰ আকৰ্ষণক কেন্দ্ৰবিন্দুলৈ নামি আহিব পাৰে ভয়ংকৰ ভৱিষ্যত। উল্লেখ্য যে, শৰাইঘাটৰ যুদ্ধত নাওসমূহ উত্তৰ গুৱাহাটীত লুকুৱাই ৰখা হৈছিল। মোগলক পৰাস্ত কৰা যিখন গেৰিলা যুদ্ধ হৈছিল সেই যুদ্ধটো নাওৰ লগতে সৈন্যসকলক উত্তৰ গুৱাহাটীত লুকুৱাই ৰখা হৈছিল। তাৰ পৰাই সৈন্য বাহিনীয়ে মোগলৰ ওপৰত জপীয়াই পৰিছিল। ঔদ্যোগিক পাৰ্ক, চিমেন্ট ফেক্টৰী, শীত পানীয়ৰ উদ্যোগ স্থাপন হৈছে উত্তৰ গুৱাহাটীত। যাৰ বাবে ঠাইখন বহুক্ষেত্ৰত আগবাঢ়ি গৈছে।

অশ্বক্লান্ত দেৱালয়ৰ বাহিৰৰ দৃশ্য…

কিন্তু তেনে এখন ঠাইৰ তীৰ্থস্থানসমূহ উন্নত কৰাৰ পৰিৱৰ্তে চৰকাৰে এইসমূহলৈ দিছে পিঠি। বিভিন্ন উদ্যোগ স্থাপন কৰি উত্তৰ গুৱাহাটীক চৰকাৰে শেষ কৰিব বিচাৰিছে নেকি বুলিও বহুলোকে প্ৰশ্ন উত্থাপন কৰিছে। উত্তৰ গুৱাহাটীতে জন্ম লাভ কৰিছিল বহু সময়ত অসমক সাহিত্য তথা বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা অজস্ৰজন মনিষীয়ে। এই ভূখণ্ডতে জন্ম লাভ কৰিছিল হেম বৰুৱা, ডঃ হীৰেণ গোহাই, লক্ষ্যধৰ চৌধুৰীৰ দৰে লোকসকলে।

অশ্বক্লান্ত দেৱালয়ৰ দেৱালসমূহ ক্ৰমাৎ ভাগি যাবলৈ আৰম্ভ কৰিছে। সংৰক্ষণৰ অভাৱ হ'লে এদিন এই ঠাইখন যে সময়ৰ সৈতে হেৰাই যাব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে। বহুবছৰ পূৰ্বে নিৰ্মাণ কৰা এইসমূহ দেৱালে ইতিহাসৰ সাক্ষ্য বহন কৰে। মঠ-মন্দিৰসমূহেও বৰ্তমান প্ৰজন্মক পূ্ৰ্বৰ বিভিন্ন তীৰ্থস্থানসমূহ কেনেদৰে নিৰ্মাণ কৰা হৈছিল তাৰ চানেকি দাঙি ধৰে। চপৰা চপৰে দেৱালসমূহ ভগাৰ ফলত সেই ঠাইত যে কোনো সময়ত অঘটন সংঘটিত নহ'ব তাৰ কোনো নিশ্চয়তা নাই। নৰকাসুৰক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ইয়াতে ক্লান্ত হৈ পৰিছিল। ১৭২০ চনত আহোম স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল বুলি জানিবলৈ পোৱা যায়। সত্য যুগত পুষ্কৰ, ত্ৰেতাত নৈমিষাৰণ্য, দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি প্ৰচলিত৷ অশ্বক্লান্ত মন্দিৰৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩ বিঘা ৪ কঠা ১৭ লেচা৷

বহুবছৰ পুৰণি গছজোপা এনেদৰেই আছে…

উত্তৰ গুৱাহাটীত আছে বহুকেইখন গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, উত্তৰ গুৱাহাটী কলেজ, ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় ইত্যাদিয়ে জিলিকাই তুলিছে ঠাইখন। ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে ৰ'পৱে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পথত যাৰ বাবে প্ৰায় ১.৩০ ঘন্টাৰ পথ যিকোনো লোকে ১০ মিনিটতে পাৰ হ'ব পাৰিব। এনে কিছু কাম হৈছে যদিও তীৰ্থনগৰী খ্যাত ঠাইখনৰ তীৰ্থস্থানসমূহ উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই চৰকাৰে। উত্তৰ গুৱাহাটী জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন ঠাই। জালুকবাৰী সমষ্টিত বিগত ৪ টা কাৰ্যকালে বিধায়ক হৈ আছে প্ৰৱল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰিতাপৰ কথা যে, মন্ত্ৰীজনেও অশ্বক্লান্তৰ দৰে তীৰ্থস্থানেৰে ভৰপূৰ এখন ঠাইৰ ঐতিহাসিক ঠাইসমূহ সংৰক্ষণত মনোনিৱেশ কৰিব পৰা নাই।

বহুলোকৰ বাবে জালুকবাৰী সমষ্টিত অদ্বিতীয় হিচাপে খ্যাত প্ৰৱল প্ৰতাপী মন্ত্ৰীজনে প্ৰকৃতপক্ষে উন্নতি সাধন কৰিব পৰা নাই উত্তৰ গুৱাহাটীৰ। আনহাতে বৰ্তমান সময়ত উদ্যোগিক নগৰী হিচাপেহে উত্তৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰিব বিচাৰিছে একাংশ লোকে। কোনো কোনো লোকে পূৰ্বে কিনি ৰখা মাটিৰ দাম বৃদ্ধি হ'ব বুলি ভাৱিয়ে এনেকাৰ্যত হাত উজান দিছে। উদ্যোগিক নগৰী হিচাপে উত্তৰ গুৱাহাটীত গঢ়ি তুলিব খুজিছে চৰকাৰে।

ভগৱান শ্ৰীকৃষ্ণৰ পদচিহ্ন সম্বলিত শিল…

যাৰ বাবে যদিও চৰকাৰৰ লাভ হ'ব এইক্ষেত্ৰত কিন্তু সাধাৰণ লোকৰ যে লাভ নহয় সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। জনতাৰ টকাৰে কোনো কাম কৰাৰ নামত ধনৰ শৰাধ পতা চৰকাৰখনে কাহানিও গুৰুত্ব নিদিয়ে সৰ্বসাধাৰণৰ ইচ্চা-আকাংখ্যাৰ ওপৰত। দুদিনীয়া কাৰ্যসূচীৰে অশ্বক্লান্ত দেৱালয় প্ৰাংগণত পঞ্চাশ হাজাৰৰো অধিক ভক্তৰ উপস্থিতিত অশোকাষ্টমী মেলা অনুষ্ঠিত হয়। অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণুপদ ক্ষেত্ৰ ভাৰতৰ প্ৰসিদ্ধ গয়া তীৰ্থ। এই তীৰ্থত পিতৃপুৰুষৰ পিণ্ডদান, অস্থিক্ষেপন, তৰ্পণ, পবিত্ৰ স্নানৰ বাবে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাবেশ ঘটে। অৱশ্যে পৰিতাপৰ কথা যে, বিষ্ণুপদ ক্ষেত্ৰ সংৰক্ষণৰ বাবেও বিশেষ গুৰুত্ব দিয়া নাই চৰকাৰে। ব্ৰহ্মপুত্ৰ নদীৰ উন্মুক্ত স্থানতে আছে এই বিষ্ণুপদ ক্ষেত্ৰ। যি স্থানৰ ওপৰেৰে অজ্ঞাতসাৰে বহুলোক দৈনিক পাৰ হয়।

বিষ্ণুপদ ক্ষেত্ৰৰ ওচৰতে আছে জাইকাৰ পানীৰ প্ৰকল্প। অশ্বক্লান্ত দেৱালয়লৈ ভাবুকি কঢ়িয়াই উক্ত স্থানত কৰা হৈছে জাইকাৰ পানী প্ৰকল্পৰ কাম। পূৰ্বে উল্লেখ কৰাৰ দৰে এতিয়াও সম্পূৰ্ণ হোৱা নাই এই কাম। বৰঞ্চ পানী সৰবৰাহ কৰাৰ নামত পাইপ পুতিবলৈ পথসমূহত বিশালকৈ খন্দা হৈছে গাত। খাৰঘূলিৰ পথ ইয়াৰে উদাহৰণ যি পথ নুনমাটিৰ সৈতে সংযোগ হৈছে।

অশ্বক্লান্ত দেৱালয়ৰ দেৱাল ভাগিবলৈ আৰম্ভ হৈছে…

মাত্ৰ যে উত্তৰ গুৱাহাটীতে তীৰ্থস্থানৰ এনে অৱস্থা তেনে নহয়। বিভিন্ন ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ শিৱসাগৰৰো বৰ্তমান অৱস্থা প্ৰায়েই একে। ছশবছৰ আহোম ৰাজত্বৰ ইতিহাসৰ স্তম্ভস্বৰূপ শিৱসাগৰৰ দৌল দেৱালয়, ৰংঘৰ, কাৰেংঘৰ, ঐতিহাসিক পুখুৰী, মৈডামসমূহে পাইছে কদর্য ৰূপ। দেশী-বিদেশী পৰ্যটকে যি সময়ত শিৱসাগৰৰ এই ঐতিহাসিক সমল সমূহ দৰ্শন কৰিবলৈ ভিৰ কৰেহি তেনে সময়তেই ভাৰতীয় পূৰাতত্ব সৰ্বেক্ষণৰ টোগলকী সিদ্ধান্তৰ বাবে আৱৰ্জনাৰে ভৰি পৰিছে এই পৌৰাণিক সমল সমূহৰ চৌহদ।

শিৱসাগৰ জিলাত শিৱদৌল, দেৱী দৌল, বিষ্ণু দৌল, জয় দৌল, ৰংঘৰ, তলাতল ঘৰ, গড়গাঁৱৰ কাৰেংঘৰ, চৰাইদেউৰ মৈডাম সমূহৰ সংৰক্ষণৰ আৰু চোৱা চিতাৰ দায়িত্ব ভাৰতীয় পূৰাতত্ব সৰ্ব্বেক্ষণৰ হাতত আছে। ভাৰতীয় পূৰাতত্ব সৰ্ব্বেক্ষণে এই কাম নিজৰ আওতাত ৰাখিছে। নিবিদাৰ জড়িয়তে বিভাগটোৱে প্ৰতিবছৰে এইসমূহ চোৱা চিতাৰ বাবে ঠিকাদাৰক দায়িত্ব অৰ্পন কৰে। ঠিকাদাৰসকলে স্থানীয় একাংশ লোকক এই কামত নিয়োজিত কৰে। সেইসকল লোকে ঐতিহাসিক সমল সমূহৰ চৌহদত ফুলৰ বাগিছা স্থাপন কৰাৰ পৰা চাফ চিকুনৰ দায়িত্ব পালন কৰি আহিছে।

শিৱসাগৰৰ ঐতিহাসিক সম্পদৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰঃ চাফাই কৰ্মচাৰীক চাটাই, চাৰিওফালে আৱৰ্জনাৰ দ'ম।

বিগত সাত-আঠ বছৰ ধৰি প্ৰায় অৰ্দ্ধ শতাধিক চাফাই কৰ্মীয়ে প্ৰতিটো ঐতিহাসিক সম্পদৰ চৌহদৰ আৱৰ্জনা পৰিস্কাৰ কৰি আহিছে। কিন্তু এতিয়া নাই সেই পৰিৱেশ। কিয়নো সম্পদসমূহ দেশী-বিদেশী পৰ্যটকৰ সন্মুখত আটকধুনীয়া কৈ সজাই পৰাই ৰখা সেইসকল লোকক ঠিকাদাৰে চাটাই কৰি দিয়ে। যোৱা তিনি এপ্ৰিলৰ পৰা এইসমূহ ঐতিহাসিক সমল পৰিস্কাৰ কৰাৰ বাবে নাই কোনো কৰ্মচাৰী। পৰ্যটকসকলে এতিয়া দুৰ্গোন্ধৰ মাজত চাবলগীয়া থৈছে ঠাইসমূহ। মাত্ৰ ঠাইসমূহ অপৰিস্কাৰ হোৱাই নহয় পূৰ্বে কৰ্মত নিয়োজিত সেইসকল লোকেও এতিয়া হেৰুৱাইছে সংস্থাপন। উল্লেখ্য যে, পৌৰাণিক স্থানসমূহ চোৱাৰ বাবদ ৰাজহ দিব লাগে চৰকাৰক। কিন্তু ৰাজহ লয় যদিও সেইসমূহ স্থান চাফ-চিকুণ কৰাৰ বাবে চৰকাৰে বিশেষভাৱে গুৰুত্ব নিদিয়ে।

প্ৰতিটো ক্ষেত্ৰতে উপেক্ষিত হয় অসম। এয়া বৰ্তমান সময়ৰ এক চৰ্চিত বিষয়। অসমৰ ৰাষ্টা-ঘাটৰ পৰা সকলোফালে কেৱল উন্নয়নৰ নামত প্ৰহসন। ইয়াৰ মূল কাৰণ হৈছে আমাৰ চৰকাৰ। চৰকাৰৰ অমনোযোগিতাৰ বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে যি অৱস্থা পাইছে, সেই অৱস্থাই হৈছে ভাৰত বিখ্যাত অসমৰ বিভন্ন ঐতিহাসিক সমলসমূহৰো। পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন হৈছে বুলি জহাই কোটি টকা খৰচ কৰি চৰকাৰে ব্ৰেণ্ড এম্বেছাদৰ আনিলেই উন্নতি কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে প্ৰয়োজন হ'ব উন্নয়ন কৰিব পৰা চৰকাৰ তথা প্ৰশাসনৰ মানসিকতা। টকা খৰচ কৰি সেই টকা সঠিকভাৱে ব্যৱহাৰ হৈছেনে তাতো দৃষ্টিনিক্ষেপ কৰাটো চৰকাৰৰ দায়িত্ব। যেতিয়ালৈকে ৰাজ্যৰ বিভিন্ন সমলসমূহ সুন্দৰকৈ সজাই পৰাই ৰাখিবলৈ চৰকাৰে চেষ্টা নকৰে সেই সময়ৰলৈকে মাত্ৰ ৰাজহ সংগ্ৰহ কৰি উন্নয়নৰ ফটাঢোল বজাই চৰকাৰে কৰিব নোৱাৰে কোনো উন্নয়নমূলক কাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in