ইউ এছ টি এমৰ ‘আই কেন আই উইল একাডেমী’ পাঠ্যক্ৰমৰ শুভ উদ্বোধন…

ইউ এছ টি এমৰ ‘আই কেন আই উইল একাডেমী’ পাঠ্যক্ৰমৰ শুভ উদ্বোধন…

author-image
asomiyapratidin
New Update
ইউ এছ টি এমৰ ‘আই কেন আই উইল একাডেমী’ পাঠ্যক্ৰমৰ শুভ উদ্বোধন…

ডিজিটেল ডেস্কঃ ইউনিভাৰছিটী অৱ ছায়েঞ্চ এণ্ড টেকনলোজী মেঘালয়ে আৰম্ভ কৰিছে এক নতুন পাঠ্যক্ৰম। 'আই কেন আই উইল একাডেমী' হ'ল ইউ এছ টি এমৰ এক নৱ উপাদান। এই নমনীয় পাঠ্যক্ৰম আৰু পীৰক্ষা পদ্ধতিয়ে সেইসকলক উপকৃতি কৰিব যিসকলে নিয়মিত ক্লাছত উপস্থিত থাকিব তথা পৰীক্ষাত বহিবলৈ অসুবিধাৰ সন্মুখীন হয়।

ক্ৰীড়া আৰুসংস্কৃতিৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰাৰ বাবে উৎসাহী আৰু লগতে শিক্ষাগত অৰ্হতা আহৰণকৰিব বিচাৰে তথা শাৰীৰিক প্ৰতিবন্ধী লোকসকলৰ বাবে আৰম্ভ কৰা হৈছে এই নতুনপাঠ্যক্ৰম। বি এ, এম এ তথা পি এইচ ডি কোৰ্চ অন্তৰ্ভুক্ত এই একাডেমীখনৰ গুৱাহাটীৰপ্ৰেছ ক্লাৱত শুভ উদ্বোধন কৰা হয়।

শুকুৰবাৰে ইউ এছ টিএমৰ আচাৰ্য মহবুবুল হক আৰু ইউ এছ টি এমৰ প্ৰধান উপদেষ্টা তথা গুৱাহাটীবিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড- মৃদুল হাজৰিকাই উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰএই নতুন পাঠ্যক্ৰম। সংবাদমেলত ইউ এছ টি এমৰ আচাৰ্য গৰাকীয়ে কয়- 'খেলা-ধুলা আৰুসাংস্কৃতিক ক্ষেত্ৰখনত দক্ষণ শিক্ষাৰ্থীসকল ততা বিশেষভাৱে সক্ষম লোকসকলে নিয়মিতক্লাছ কৰিবলৈ তথা পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এই কথাবিবেচনা কৰি ইউ এছ টি এমে এক নমনীয় পাঠ্যক্ৰম তথা পৰীক্ষা ব্যৱস্থা তৈয়াৰ কৰিছে,যাতে তেওঁলোকে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক স্তৰৰ সকলো প্ৰতিযোগিতা আৰুপ্ৰশিক্ষণত যোগদান কৰিব পাৰে।'

আনহাতে,বিশ্ববিদ্যালয়খনৰ প্ৰধান উপদেষ্টা ড০ মৃদুল হাজৰিকাই কয়- 'আই কেন আই উইল একাডেমীতইউ এছ টি এমে খেলা-ধুলা, সংস্কৃতিসহ বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰাখিছে। তদুপৰি দৰিদ্ৰ তথা প্ৰাপ্য শিক্ষাৰ্থীসকলৰ বাবে বিনামূল্যে থকা আৰু খোৱাৰসুবিধাও বিশ্ববিদ্যালয়খনে প্ৰদান কৰিব।'

উল্লেখ্য যে, স্নাতকআৰু স্নাতকোত্তৰ ক'ৰ্চৰ বিষয়সমূহ ক্ৰমে- ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, সমাজবিজ্ঞান, ৰুৰেল ডেভেলপমেন্ট, শিক্ষা থথা বিজনেছ এডমিনিষ্ট্ৰেচন। যিকোনো বিষয়তদ্বাদশ উত্তীৰ্ণ তথা স্নাতক শিক্ষাৰ্থীয়ে ৪৫ শতাংশ নম্বৰ লৈ এই পাঠ্যক্ৰমবোৰতঅংশগ্ৰহণ কৰিব পাৰে। লগতে সংৰক্ষিত বিভাগৰ শিক্ষাৰ্থীসকলৰ বাবে ৫ শতাংশ নম্বৰশিথিল কৰা হৈছে।