Advertisment

উৰিয়ামঘাটত পথ সজাগতা সন্দৰ্ভত প্ৰশাসনৰ বিশেষ পদক্ষেপ...

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈ অহা দুঘৰ্টনাত বহুলোকে অকালতে মৃত্যুবৰণ কৰাৰ লগতে বহুলোক চিৰদিনৰ কাৰণে পঙ্গু হ’বলগীয়া হৈছে ৷ যানবাহন সমূহৰ দুঘৰ্টনা প্ৰতিৰোধৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে

author-image
Asomiya Pratidin
New Update
ম

ম Photograph: (ম)

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈ অহা দুঘৰ্টনাত বহুলোকে অকালতে মৃত্যুবৰণ কৰাৰ লগতে বহুলোক চিৰদিনৰ কাৰণে পঙ্গু হ’বলগীয়া হৈছে ৷ যানবাহন সমূহৰ দুঘৰ্টনা প্ৰতিৰোধৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাতো প্ৰশাসনৰ উদ্যোগত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰিছে ৷

Advertisment

নতুন বৰ্ষটোৰ প্ৰথম দিনটোতে সমজিলাখনৰ উৰিয়ামঘাটত  সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশ প্ৰিয়ম জ্যোতি ফুকন আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাই হেলমেট পৰিধান নকৰা  বাইক আৰোহীসকলক হেলমেট পৰিধান কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে বনভোজ খাবলৈ যোৱা বাহন সমূহৰ ড্ৰাইভাৰ সকলক সুৰাপান কৰি যান বাহন নচাবৰ বাবে আহ্বান জনোৱাৰ আৰু সন্ধিয়াৰ আগে আগে ঘৰলৈ উভতিবৰ বাবে আহ্বান জনায় ৷

মনকৰিবলগীয়া  যে বাইক আৰোহীসকলৰ সুৰক্ষাৰ বাবে সৰুপথাৰ নগৰস্থিত হিৰ’ মটৰ চাইকেল ডিলাৰৰ তৰফৰ পৰা হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক হেলমেট বিতৰণ কৰা হয় ৷ উল্লেখ্য যে , প্ৰশাসনৰ এনে পদক্ষেপৰ বাবে শেষতীয়াকৈ সৰুপথাৰ সমজিলাত যানবাহনৰ দুৰ্ঘটনা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷

অসম