উৰিয়ামঘাটত শাখা সাহিত্য সভা গঠন

উৰিয়ামঘাটত শাখা সাহিত্য সভা গঠন

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলটো মহকুমা তথা গোলাঘাট জিলাৰ এক অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল৷ এই বৃহত্তৰ উৰিয়ামঘাট অঞ্চলটোত বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকে দশক দশক ধৰি সমিলমিলেৰে বসবাস কৰি আহছে ৷

অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভাষা-সাহিত্য চৰ্চাৰ এখন মঞ্চ সচেতন মহলে দীৰ্ঘদিনে অনুভৱ কৰি আহিছে ৷ ১৯আগষ্টত উৰিয়ামঘাট প্ৰাথমিক বিদ্যালয় প্ৰাংগনত উৰিয়ামঘাট শাখা সাহিত্য সভা গঠনৰ উদ্দেশ্যে স্থানীয় শিক্ষাবিদ তথা সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক নৰেন চুতীয়াৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

সভাত উদ্দেশ্যে ব্যাখ্যা কৰে শিক্ষক আৰু উদীয়মান কবি ৰহিত ৰাভাই ৷অতিথি পৰিচয় আৰু আদৰণি অনুষ্ঠানৰ আঁত ধৰে উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈয়ে ৷ সভাত উৰিয়ামঘাট অঞ্চলৰ ভালেসংখ্যক সাহিত্যনুৰাগী সচেতন নাগৰিক উপস্থিত থাকে আৰু সকলোৱে উৰিয়ামঘাটত ভাষা-সাহিত্য চৰ্চাৰ এখন মঞ্চ তথা অসম সাহিত্য সভাৰ শাখা গঠনৰ পোষকতা কৰে ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিবাৰ্হক সদস্য সূৰ্য গগৈয়ে অসম সাহিত্য সভাৰ শাখা গঠনৰ নীতি -নিৰ্দেশনা সন্দৰ্ভত সভাত বিতংভাৱে বিৱৰি কয় ৷

সভাখনত গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰা , সাংগঠনিক সম্পাদক ভূৱন কোঁৱৰ আৰু সৰুপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক নৱমী চুতীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

এই সভাতে ৰজাপুখুৰী অংচা-জিলদৈ শ্যাম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক ৰত্নেশ্বৰ শ্যামক সভাপতি , শিক্ষক লক্ষণ ছেএীক উপ-সভাপতি বিনেশ্বৰ ব্ৰক্ষ্ম কণিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ভূপেন শইকীয়াক সম্পাদক , শিক্ষয়িএী বেবী তামূলীক প্ৰত্ৰিকা সম্পাদক, শিক্ষক কুলধৰ গগৈক ধনভঁৰালী, ডিম্পল বৰাক সহকাৰী সম্পাদক হিচাপে লৈ ১৭জনীয়া সদস্যৰে উৰিয়ামঘাট শাখা সাহিত্য সভাৰ সমিতিখন গঠন কৰা হয় ৷ সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ।

উৰিয়ামঘাটত শাখা সাহিত্য সভা গঠন
বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in