উৰিয়ামঘাটত হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ ৰ্মূতি উন্মোচন

ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাট আৰক্ষী থানা চৌহদত গাওঁৰক্ষী বাহিনীৰ প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ এটি আৱক্ষ ৰ্মূত্তি উন্মোচন কৰে।
উৰিয়ামঘাটত হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ ৰ্মূতি উন্মোচন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাট আৰক্ষী থানা চৌহদত গাওঁৰক্ষী বাহিনীৰ প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ এটি আৱক্ষ ৰ্মূত্তি উন্মোচন কৰে। উৰিয়ামঘাট থানা সমিতি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু সমূহ গাওঁৰক্ষী বাহিনীৰ সহযোগত প্ৰতিষ্ঠা কৰা ৰ্মূৰ্তিটো উন্মোচন কৰে ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই আৰু সহযোগ কৰে উৰিয়াম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰুৱাই ৷

উন্মোচনী অনুষ্ঠানৰ আঁতধৰে প্ৰতাপ গগৈয়ে ৷অনুষ্ঠানত চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত দত্ত , চি চেক্টৰৰ ১৪২নং চি আৰ পি এফ বাহিনীৰ চেক্টৰ কামাণ্ডাৰ বীৰেন্দ্ৰ সিং , গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক দেৱকান্ত দাস , অজনজাতি ভূমি অধিকাৰ দাবী সমিতিৰ এ বি চি চেক্টৰৰ ভূমিঅধিকাৰ দাবী সমিতিৰ সভাপতি দিল বাহাদুৰ লিম্বু , উৰিয়ামঘাট আঞ্চলিক সাংস্কৃতিক আৰু ক্ৰীড়া সন্থাৰ সভাপতি বিবেকানন্দ বসুমতাৰী , আটাছু ধনশিৰিমহকুমা সমিতিৰ সভাপতি অনন্ত গগৈ , গো্ৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদক কৰ্ণ সিং লিম্বু , উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈ, সম্পাদক ভূপেন শইকীয়া, সাংবাদিক উদীপ বৰা, তৰুণ কোঁৱৰ , মনজিত গগৈ , আমছুৰ ইমতিয়াজ আলিকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা দল-সংগঠণৰ প্ৰতিনিধি আৰু উৰিয়ামঘাট থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীসমূহৰ সভাপতি, সম্পাদক ,নায়কসকল আৰু বহু সংখ্যক স্থানীয় ৰাইজ।

মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত কয় যে, গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূতি প্ৰতিষ্ঠাৰ যোগেদি সমগ্ৰ উৰিয়ামঘাট অঞ্চলৰ গাঁওৰক্ষী বাহিনীয়ে তেখেতৰ আদৰ্শ অনুসৰণকৰি আগবাঢ়ি গলেহে প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সাৰ্থক হ'ব বুলি জনায় আৰু এনে পদক্ষেপক তেখেতে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্যযে অনুষ্ঠানটোত সহায় সহযোগ কৰাৰ বাবে উৰিয়ামঘাট থানা সমিতি গাওঁৰক্ষী বাহিনীৰ সভাপতি কেশৱ তুলচিয়াৰী আৰু সম্পাদক দুৰ্যোধন লিম্বুৱে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।উল্লেখযোগ্য যে তিনিখন গাওঁৰক্ষী বাহিনীক উৎকৃষ্ট সেৱাৰ বাবে প্ৰশংসা পত্ৰপ্ৰদান কৰে মহকুমা আৰক্ষীবিষয়া আৰু উৰিয়ামঘাট আৰক্ষী বিষয়ায়৷

উৰিয়ামঘাটত হৰিনাৰায়ণ বৰুৱাৰ আৱক্ষ ৰ্মূতি উন্মোচন
গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বাদশ North East Indian Linguistics Society সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in