/asomiyapratidin/media/media_files/2025/08/09/1-2025-08-09-15-06-36.jpg)
ডিজিটেল সংবাদ, চিৰাং: বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰে সন্ধিয়াৰ ভাগত ১৩ নং চিৰাং ব্লক ইউপিপিএলৰ উদ্যোগত বাসুগাঁও চহৰত এক সমন্বয়ৰ পদযাত্ৰা উলিওৱা হয় । ইয়াৰ পূৰ্বে ৰাজাচাৰাং ৰাজহুৱা ধৰ্মীয় খেলপথাৰত এক সভা অনুষ্ঠিত হয়।
দুই সহস্ৰাধিক দলীয় নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষন প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, চিদলী বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মকে আদি কৰি ইউপিপিএল দলৰ অন্যান্য নেতা কৰ্মী সকলে।
নিদিষ্ট সময়তকৈ পলমকৈ অনুষ্ঠানত উপস্থিত হোৱা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয় যে যোৱা পাঁচ বছৰত এই বড়োলেণ্ড এলেকাত শান্তি, সম্প্ৰীতি আৰু সুস্থিৰতা ঘুৰাই অনাৰ পিছত অনাগত দিনত বড়োলেণ্ড এলেকাত যাতে চিৰযুগমীয়া কৰাৰ কাৰণে সকলোৱেই ঐক্যবদ্ধ কাম কৰি আগুৱাই যাব ।
যাৰ কাৰনেই আমি ইউপিপিএল দলৰ পৰা এটা সমন্বয় যাত্ৰা কাৰ্য্যসূচী আমি হাতত লৈছো । এই সমন্বয় যাত্ৰা কাৰ্য্যসূচীত বিটিআৰ এলেকাত বসবাস কৰা ২৬ টা জাতি-জনগোষ্ঠীৰ পুৰুষ মহিলা সকলোৱেই অংশগ্ৰহণ কৰিছে ।
আমি এই সমন্বয় যাত্ৰাৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছো যে বিগত দশক দশক ধৰি এই অঞ্চলত যি অশান্তিৰ বাতাবৰণ আমি দেখিবলৈ পাইছিলো সেই অশান্তিৰ বাতাবৰণ বা পৰিৱেশ যাতে এই অঞ্চলত পুনৰ ঘুৰি নাহে আৰু আমি যাতে সকলোৱে শান্তিৰে বসবাস কৰিব পাৰো । এই সমন্বয় যাত্ৰাৰ জৰিয়তে আমি ইজনে সিজনৰ হাতে হাত ধৰি আগুৱাই যাব বিচাৰিছো বুলি মন্তব্য কৰে ।
ইপিনে বিপিএফ দলৰ আশীৰ্বাদ যাত্ৰা আনপিনে ইউপিপিএল দলৰ সমন্বয় যাত্ৰাত যিমান সংখ্যক লোকৰ সমাগম হৈছে সেয়া ভোটলৈ কিমান ৰূপান্তৰিত হব বুলি কৰা প্ৰশ্নৰ উত্তৰত কয় যে ভোট ৰাইজে হে দিব পিছে যাত্ৰাৰ কৰাৰ বাবে ভোট দিব নে নিদিব সেয়া পিছৰ কথা বিপিএফ দলে এটা উদ্দেশ্য লৈ যাত্ৰা কৰিছে আমিও সমাজত বিভিন্ন ধৰ্ম, জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সজাগতা অনাৰ লক্ষ্যৰে যাত্ৰা কৰি আছো কিন্তু ভোট ৰাইজে নিজৰ ইচ্ছাৰে প্ৰদান কৰিব।
বিপিএফ দলে প্ৰাৰ্থী তালিকা ঘোষনা কৰিছে ইউপিপিএল দলে কেতিয়া কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই কয় যে বিপিএফ দলে ভয় খাইছে কাৰণে আগতীয়াকৈ তেখেত সকলে প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে আমিও কৰিম অলপ অপেক্ষা কৰক ।
ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে নিজৰ ভাষন প্ৰসংগত কয় যে এটা সময়ত অশান্ত হৈ থকা এই বড়োলেণ্ড এলেকাত শান্তিৰ বাতাৱৰণ ঘুৰাই আনিবলৈ সক্ষম একমাত্ৰ ইউপিপিএল দলৰ শাসনকালত। বিটিআৰ এলেকাত এই শান্তিৰ পৰিৱেশ স্থায়ীৰূপে বৰ্তাই ৰাখিবলৈ আৰু উন্নয়নৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ এইবেলি পুনৰ ইউপিপিএল দলক আকৌ শাসনত আনিব লাগিব কিন্তু একক সংখ্যাগৰিষ্ঠ ৰূপত ।
সেইবুলি বিজেপিৰ সৈতে আমাৰ সম্পৰ্ক শেষ হৈ যোৱা নাই। কাৰণ ইউপিপিএল দল হিচাপে আমি এতিয়াও দিছপুৰৰ চৰকাৰৰ সৈতে আছো। কেন্দ্ৰতো এনডিএ ৰ অংশীদাৰ হিচাপে সমৰ্থন কৰি আছো। আমি ইমান দিনে বিটিচিত বিজেপি দলৰ সৈতে মিত্ৰতাৰে চৰকাৰ চলাই আছিলো যদিও আগন্তুক বিটিচি নিৰ্বাচনৰ পিছত যাতে অকলেই চৰকাৰ গঠন কৰিব পাৰো তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি দলৰ কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে ।
সভাৰ অন্তত দুই সহস্ৰাধিক দলীয় নেতা কৰ্মী সকলে হাতত মোৱাইল ফোনৰ লাইট জ্বলাই বাসুগাঁও চহৰৰ মুখ্য পথে দি সমন্বয় যাত্ৰা আৰম্ভ কৰে। যাত্ৰা আৰম্ভ কৰি প্ৰমোদ বড়ো গুচি যায় যদিও চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, পাৰিষদ মাধৱ ছেত্ৰী, ছাংগ্ৰাং ব্ৰহ্ম আদি কৰি ইউপিপিএল দলৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতা সকলে নেতৃত্ব প্ৰদান কৰি বাসুগাঁও চহৰৰ বিভিন্ন এলেকা সামৰি পুনৰ আৰম্ভনি কৰা ঠাই ৰাজাচাৰাং ধৰ্মীয় খেলপথাৰত সামৰণি পেলায় ।