ডিগবৈ আৰু নুমলীগড় শোধনাগৰ আছে নাগালেণ্ডৰ মাটিত ! UNTBA ৰ ৰেয়েলিটি দাবী…

ডিগবৈ আৰু নুমলীগড় শোধনাগৰ আছে নাগালেণ্ডৰ মাটিত ! UNTBA ৰ ৰেয়েলিটি দাবী…

author-image
asomiyapratidin
New Update
এসপ্তাহ ধৰি বিকল নুমলীগড় শোধনাগাৰৰ ৱাক্স ইউনিট

ডিজিটেল ডেস্কঃ ডিগবৈ আৰু নুমলীগড় শোধনাগাৰ নাগালেণ্ডৰ মাটিত স্থাপন কৰা বুলি দাবী কৰি ইউনাইটেড নাগা ট্ৰাইবছ এছ'চিয়েশ্যন অন বৰ্ডাৰ এৰিয়াছ (ইউ এন টি এবি এ)য়ে দাবী কৰা কাৰ্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংগঠনটোৱে আনকি এই সন্দৰ্ভত আইনী পদক্ষেপ লোৱাৰ কথাও গুৰুত্বসহকাৰে বিবেচনা কৰি আছে বুলি প্ৰকাশ কৰিছে।

Advertisment

এক বিবৃতিত ইউ এন টি এ বি এৰ অধ্যক্ষ হুকাবি টি য়েপুথোমি আৰু সাধাৰণ সম্পাদক ইমচুমোংবা পোংগেনে দাবী কৰে যে- ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইমান বছৰে প্ৰায় ৪,৯৭৪.১৬ বৰ্গ মাইল অৰ্থাত প্ৰায় ১২,৮৮৩.০৭ বৰ্গ কিলোমিটাৰ অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ অকল্পনীয় ৰণনীতি চলাই আহিছে। প্ৰকৃততে এই ভূমি নগালোকৰহে আছিল।

সংগঠনটোৱে বিবৃতিত দাবী কৰিছে যে, নগা ভূমিৰ পৰা পেট্ৰ'লিয়াম আৰু বনজাত সামগ্ৰীৰ জৰিয়তে নাগা কিমান কোটি কোটি টকা আহৰণ কৰা হৈছে সেয়া জানিব নোৱাৰি। ডিগবৈ শোধনাগাৰ নগাৰ ভূমিত আৰু শেহতীয়াকৈ নুমলীগৰ শোধনাগাৰো নগাৰ ভূমিত স্থাপন কৰা হৈছে।

ইউএনটিএবিএ-ৰ মতে, গোলাঘাটৰ পৰা টিজিতলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ত্ৰি-সংযোগস্থললৈকে অসম আৰু নাগালেণ্ডৰ মাজৰ সীমা হৈছে 'ধোদৰ আলি' যি এতিয়াও অস্তিত্বত আছে আৰু গোলাঘাটৰ পৰা মণিপুৰৰ সীমান্তৱৰ্তী বৰাক নদীলৈকে ১৮৭৫ চনৰ ব্ৰিটিছ-ভাৰত চৰকাৰৰ অধিসূচনাত ভালদৰে এই সীমা নিৰ্ধাৰণ কৰা হৈছে।

সংগঠনটোৱে কয় যে-যেতিয়ালৈকে এই ঐতিহাসিক তথ্যবোৰ বিবেচনা কৰা নহয়, তেতিয়ালৈকে নাগা লোকসকলক পেট্ৰ'লিয়াম সামগ্ৰী, প্ৰাকৃতিক গেছ আৰু বনজাত সামগ্ৰীৰ ওপৰত ৰয়েলটিৰ ওপৰত ইয়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে। তেওঁলোকৰ মতে ভাৰত-নাগা ৰাজনৈতিক সমাধান, যদি কেতিয়াবা এই ঐতিহাসিক তথ্যবোৰ বিবেচনা নকৰাকৈ আহে, কেতিয়াও ই গ্ৰহণযোগ্য আৰু সন্মানীয় হ'ব নোৱাৰে।

ইউএনটিএবিএ-য়ে কয় যে তেওঁলোকে নাগা জনসাধাৰণৰ ভূমিৰ স্পষ্ট ঐতিহাসিক সীমানিৰ্ধাৰণ ৰখাৰ ওপৰত জোৰ দিব আৰু নাগা জনসাধাৰণে নাগা জনসাধাৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত শোষণৰ ওপৰত উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব লাগে।