অসমক অৰ্থনৈতিক দিশত আগুৱাই নিবলৈ জল পথক অধিক সম্ভাৱনাময় কৰাৰ প্ৰয়াস কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

অসমক অৰ্থনৈতিক দিশত আগুৱাই নিবলৈ জল পথক অধিক সম্ভাৱনাময় কৰাৰ প্ৰয়াস কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

author-image
asomiyapratidin
New Update
অসমক অৰ্থনৈতিক দিশত আগুৱাই নিবলৈ জল পথক অধিক সম্ভাৱনাময় কৰাৰ প্ৰয়াস কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ দিশত জল পথক অধিক সম্ভাৱনাময় কৰি তোলাৰ প্ৰয়াস কেন্দ্ৰীয় বন্দৰ, জাহাজ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সামগ্ৰী ৰপ্তানি বা আমদানিৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলে পূৰ্বে ৰে'ল পথ বা বায়ু পথ ব্যৱহাৰ কৰিছিল, য'ত অধিক ধন আৰু সময় দুয়োটাৰে ব্যয় হৈছিল। গতিকে পৰিবহন ব্যৱস্থাটোক অধিক ত্বৰান্বিত কৰাৰ বাবে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অব্যাহত ৰাখিছে তৎপৰতা।

Advertisment

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে এক ঘোষণা কৰি কয়- 'গুৱাহাটীৰ পাণ্ডুত হ'ব জাহাজ মেৰামতিৰ কাম৷ পাণ্ডুত এই কাম হ'লে জাহাজ আৰু বন্দৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল লাভান্বিত হ'ব৷ কাৰণ এখন জাহাজ বেয়া হ'লে মেৰামতিৰ বাবে নিবলগীয়া হৈছিল কলকাতালৈ ৷ আৰু জাহাজখন মেৰামতি কৰি ঘূৰি আহোতে ৬ মাহতকৈও অধিক সময় লাগিছিল। মানুহবোৰৰ হতাশ হৈ পৰিছিল৷ কিন্তু এতিয়া সেই হতাশা দূৰ হ'ব৷'