তিনি বছৰে সম্পূৰ্ণ নহ'ল সাংসদ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া ৰজা গাঁৱৰ মুকলি মঞ্চ

পূৰ্বৰ ৰহা সমষ্টি আৰু বৰ্তমান হোজাই সমষ্টিৰ শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত কচুৱা ৰজা গাঁও বজাৰত সাংসদ পুঁজিৰে নিৰ্মীয়মান মুকলি মঞ্চ বিগত তিনিটা বছৰেও সম্পূৰ্ণ নহ'ল ।

author-image
Asomiya Pratidin
New Update
তিনি বছৰে সম্পূৰ্ণ নহ'ল সাংসদ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া ৰজা গাঁৱৰ মুকলি মঞ্চ

ডিজিটেল সংবাদ ,কামপুৰ: পূৰ্বৰ ৰহা সমষ্টি আৰু বৰ্তমান হোজাই সমষ্টিৰ শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত কচুৱা ৰজা গাঁও বজাৰত সাংসদ পুঁজিৰে নিৰ্মীয়মান মুকলি মঞ্চ বিগত তিনিটা বছৰেও সম্পূৰ্ণ নহ'ল । প্ৰত্যক্ষ কৰা মতে শিঙিমাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ কাষতে নিৰ্মীয়মান মুকলি মঞ্চখন নিৰ্মাণ কৰিবলৈ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰ ১০ লাখ টকা আৱণ্টন দিছিল।

Advertisment

তথ্য ফলক বিহীন মুকলি মঞ্চখন বিগত তিনি বছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও অদ্যাপি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত অঞ্চলৰ ৰাইজ বাৰুকৈ ক্ষোভিত হৈ পৰিছে । মঞ্চ নিৰ্মীয়মান ঠাইত অস্থায়ী মঞ্চ নিৰ্মাণ কৰি বৃহত্তৰ ৰজা গাঁওবাসী ৰাইজে বিভিন্ন ৰাজহুৱা সভা-সমিতিৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিল ।

কিন্তু সম্প্ৰতি ঠাইৰ অভাৱত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰে। আগন্তুক লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। পুনৰ নগাঁৱৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পদৰ প্ৰাৰ্থিত্ব লাভ কৰিছে যদিও নিৰ্বচনৰ পূৰ্বে মঞ্চখন নিৰ্মাণৰ কাম সম্পন্ন নকৰিলে অঞ্চলবাসী ৰাইজে সাংসদ গৰাকীক প্ৰত্যুত্তৰ দিব বুলি সকিয়াই দিছে।

Also Read: শ্ৰীলংকালৈ উভতি গ'ল ৰাজীৱ গান্ধীৰ ৩ হত্যাকাৰী!