/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/newssss-pemakhandu-new-ap-cover-copy.jpg)
ফাইল ফটো
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশ জন্মৰ পৰা ৰাজ্যখনত বসবাস কৰা অসমীয়াভাষী অনা অৰুণাচলী লোকসকলক স্হায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুক জনোৱা আহ্বান কাৰ্যত: নাকচ কৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। সদৌ অসম ছাত্ৰ সন্থায়ো অৰুণাচল প্ৰদেশত অতীজৰে পৰা বসবাস কৰা অসমীয়াভাষী ৭ টা জনগোষ্ঠীক ৰাজ্যখনত স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ প্ৰদানৰ বাবে আহ্বান জনাইছিল।
মুখ্যমন্ত্ৰী পেমা খান্দুৱে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে- সামাজিক মাধ্যমৰ পৰাহে তেওঁ এই বিষয়ে জানিব পাৰিছে । কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই বুলি স্পষ্ট কৰি দি খান্দুৱে কয় যে অৰুণাচল প্ৰদেশ চৰকাৰে পি আৰ চি প্ৰদান কৰিবলৈ বিচাৰিছিল যদিও অৰুণাচল প্ৰদেশৰ জনগণে ইয়াৰ তীব্ৰ বিৰোধ কৰাৰ বাবেই অনা অৰুণাচলী লোকক অৰুণাচল প্ৰদেশ চৰকাৰে পি আৰ চি প্ৰদানৰ সমগ্ৰ বিষয়টো প্ৰত্যাহাৰ কৰিছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশ চৰকাৰে অনা অৰুণাচলী লোকক পি আৰ চি প্ৰদান কৰিবলৈ লোৱা পদক্ষেপৰ প্ৰতীয়মান ইটানগৰত ভয়াবহ সংঘৰ্ষৰ সৃষ্টি হৈছিল । সেই সংঘৰ্ষত উপ-মুখ্যমন্ত্ৰী চাওনা মেইনৰ বিসগৃহত অগ্নিসংযোগ কৰিছিল প্ৰতিবাদী জনতাই আৰু আৰক্ষীৰ গুলিত তিনিজন প্ৰতিবাদকাৰী নিহত হৈছিল।