ওদালগুৰিত দিন দুপৰতে চুৰিকাণ্ডঃ লুটি নিলে সোণৰ অলংকাৰ...

ৱাৰ্ডটোৰ স্থানীয় বাসিন্দা নৱকান্ত বৰ্মন নামৰ ব্যৱসায়ী দম্পত্তিয়ে আজি ওদালগুৰিৰ শনিবৰীয়া সাপ্তাহিক বজাৰত নিজৰ ব্যৱসায়ী কৰ্মত ব্যস্ত হৈ থকাৰ সময়তে চোৰে ঘটনা সংঘটিত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওদালগুৰিঃ  ওদালগুৰি চহৰৰ ৬ নম্বৰ ৱাৰ্ডত দিন-দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটি নিয়ে বহু মূল্যৱান সামগ্ৰী। ৱাৰ্ডটোৰ স্থানীয় বাসিন্দা নৱকান্ত বৰ্মন নামৰ ব্যৱসায়ী দম্পত্তিয়ে আজি ওদালগুৰিৰ শনিবৰীয়া সাপ্তাহিক বজাৰত নিজৰ ব্যৱসায়ী কৰ্মত ব্যস্ত হৈ থকাৰ সময়তে চোৰে ঘটনা সংঘটিত কৰে।

পিছত গৃহস্থ উপস্থিত হৈ সকলো সামগ্ৰী লণ্ডভণ্ড হৈ পৰি থকা প্ৰত্যক্ষ কৰে। চোৰে বাসগৃহটোৰ খিৰিকীৰ ৰদ বেকা কৰি কেইৱা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ, কাহৰ বাচন চুৰি কৰি নিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে চোৰে ব্যৱহাৰ কৰা এটা টুপী জব্দ কৰি থানালৈ লৈ যায়। বাতৰি লিখা পৰলৈ চোৰৰ কোনো শুংসূত্ৰ লাভ কৰা নাই যদিও ভুক্তভোগী পৰিয়ালটোৱে জনোৱা অনুসৰি কেইৱা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে চোৰৰ দলটোৱে।

ওডালগুৰি