ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি ৰেল ষ্টেচন কৰ্তৃপক্ষৰ ভয়ংকৰ কাণ্ড। যিকোনো মূহুৰ্তত সদাব্যস্ত ৰেল ষ্টেচনটোত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ লগতে প্ৰাণহানি হব পাৰে কণমানি শিশুৰ। গতিকে ওদালগুৰি ৰেল ষ্টেচনলৈ যোৱাৰ পূৰ্ৱে এশবাৰ ভাৱক চহৰখনৰ ৰেলযাত্ৰীসকলে। মধ্যবৃত্ত শ্ৰেণীৰ জনসাধাৰণৰ যাতায়াতৰ একমাত্ৰ ভৰসা হ'ল ৰেল যাতায়াত। কিন্তু ওদালগুৰি ৰেল বিভাগে স্থাপন কৰা মৰণফাণ্ডে ওদালগুৰিৰ সচেতন মহলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে দৈনিক প্ৰায় কেইবাখনো ৰেল চলাচল কৰা ওদালগুৰি ষ্টেচনটোত প্ৰতিদিনে হাজাৰ হাজাৰ লোক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা-যোৱা কৰে। ৰেল অহাৰ পূৰ্ৱে যাত্ৰীসকলে প্ৰতিটো ৰেল ষ্টেচনৰ দৰে নিজৰ কনমাণি সন্তানসকলৰ সৈতে অৱস্থান কৰে ষ্টেচনটোৰ প্লেটফৰ্মত। কিন্তু উক্ত প্লেটফৰ্মটোৰ বৈদ্যুতিক খুটাঁসমূহৰ অধিকাংশ খুটাত বিদ্যুৎ সংযোগৰ ব্যৱস্থা উন্মুক্ত অৱস্থাত আছে।
নিশা প্লেটফৰ্মখন পোহৰাই তুলিবলৈ স্থাপন কৰা কেইবাটাও বৈদ্যুতিক খুটাঁৰ তলৰ প্ৰায় দুইৰ পৰা তিনি ফুট উচ্চতাত থকা উচ্চক্ষমতাসম্পন্ন বৈদ্যুতিক সংযোগৰ বাকচসমূহ উন্মুক্ত অৱস্থাত আছে। ফলত ষ্টেচনটোৰ প্লেটফৰ্মৰ ওপৰত অৱস্থান কৰা যাত্ৰীসকলৰ যিকোনো মূহুৰ্ততে ভয়ংকৰ দূৰ্ঘটনাৰ আশংকা নুই কৰিব নোৱাৰি।
এইবোৰ দেখি শুনিও যেন মানুহৰ জীৱনকলৈ হেতালি খেলিছে ওদালগুৰি জিলা সদৰস্থিত একমাত্ৰ আৰু অতিব্যস্ত ৰেলষ্টেচনটোৰ কৰ্তৃপক্ষই। এই সন্দৰ্ভত ষ্টেচন কৰ্তৃপক্ষক পূৰ্ৱেও অৱগত কৰা হৈছিল যদিও বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া প্ৰশ্ন হয় ৰেল যাত্ৰীৰ জীৱনক লৈ চৰম হেতালি খেলাৰ অধিকাৰ কোনে দিলে ষ্টেচনটোৰ কৰ্তৃপক্ষক? বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰিব নে এক ভয়ংকৰ দূৰ্ঘটনা হোৱালৈকে বাট চাইছে ষ্টেচন কৰ্তৃপক্ষই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।