নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপ্ৰাপ্তধাৰী মাৰণাস্ত্ৰসমূহ জমা দিয়াৰ নিৰ্দেশ ওদালগুৰি প্ৰশাসনৰ

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপ্ৰাপ্তধাৰী মাৰণাস্ত্ৰসমূহ জমা দিয়াৰ নিৰ্দেশ ওদালগুৰি প্ৰশাসনৰ

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰৰ পুনেত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ,ওদালগুৰিঃ ওদালগুৰি জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ দিলীপ কুমাৰ দাসে দ্বিতীয় পৰ্যায়ত হবলগীয়া মঙলদৈ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নিৰ্বাচনত আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী আচৰণ বিধিৰ অধীনত জিলাখনৰ অনুজ্ঞাপ্ৰাপ্তধাৰী মাৰণাস্ত্ৰসমূহ জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সেই অনুসৰি ওদালগুৰি জিলাখনৰ সমূহ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰণাস্ত্ৰৰ অনুজ্ঞাপ্ৰাপ্তধাৰীসকলক সংশ্লিষ্ট আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত জিলা জনসংযোগ বিভাগে সাংবাদিকলৈ বিজ্ঞপ্তি প্ৰেৰণ কৰে।