Advertisment

চৰকাৰৰ আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য প্ৰেৰণ

চৰকাৰৰ আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য প্ৰেৰণ

author-image
asomiyapratidin
New Update
চৰকাৰৰ আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য প্ৰেৰণ

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ ওদালগুৰি জিলাৰ অন্তৰ্গত এক মহিলা সামাজিক সংস্থাই শুকুৰবাৰে অসম চৰকাৰৰ কোৰোনাৰ বিৰুদ্ধে চলা যুঁজ সম্পৰ্কীয় আৰোগ্য নিধিলৈ এক আৰ্থিক সাহায্য আগবঢ়ায়। শুকুৰবাৰে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংস্থাৰ প্ৰতিনিধিয়ে চৰকাৰৰ আৰোগ্য নিধিলৈ দুই লাখ আঠ হাজাৰ টকাৰ এখন চেক মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‌ইকীয়াৰ হাতত অৰ্পন কৰে।

Advertisment

বিটিচিৰ সচিব প্ৰধান ৰবিনছন মোছাহাৰী, সচিব ভাস্কৰজ্যোতি মান্তা, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ উপস্থিতিত এই চেকখন প্ৰদান কৰাৰ লগতে বিভিন্ন লোকৰ মাজত ১০০০ মাস্ক বিতৰণ কৰে।