ডিজিটেল সংবাদ, ওদালগুৰিঃ অসমৰ এক অন্যতম সম্প্ৰদায় হিচাপে পৰিচিত "কেওট" সকলৰ বিভিন্ন সমস্যা সমাধানৰ লগতে সম্প্ৰদায়টোক সু সংগঠিত কৰিবলৈ দেওবাৰে ওদালগুৰিত গঠন হয় সদৌ অসম কেওঁট জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিখন। ওদালগুৰি চহৰৰ আলপাইন হোটেলত আয়োজন কৰা এক সাধাৰণ সভাত সভাপতিত্ব কৰে অনিৰাম বড়াই। উক্ত সভাখনত কেওট সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে কেওট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদান কৰা আৰু কেওট উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে চৰকাৰক হেচা দিয়াৰ সংকল্প গ্ৰহণ কৰে।
সভাত উপস্থিত থাকি কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক উদ্ধৱ চন্দ্ৰ ডেকাই নিজ ভাষণত দেশৰ বিভিন্ন ৰাজ্যত কেওট সকলক অনুসুচিত জাতিৰ মৰ্যদা দিয়াৰ পিছটো অসম কেওট সকলক এই সুবিধাৰ পৰা বঞ্চিত কৰাত ক্ষোভ প্ৰকাশ কৰে। নিজৰ প্ৰাপ্যৰ বাবে ৰাজ্যখনত বাস কৰা ৮০ লাখ কেওট জন সাধাৰণক একত্ৰিত হৈ সংগ্ৰাম কৰাৰো আহ্বান কৰে সম্পাদক জনে। ইয়াৰ পিছতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক উদ্ধব চন্দ্ৰ ডেকা আৰু যোগেন ডেকাৰ পৰ্যবেক্ষণত অনুষ্ঠিত বিষয় বাচনি সভাত মহিচন্দ্ৰ বৰা, দিলীপ বৰা আৰু বসন্ত বৰাক উপদেষ্টা, অনিৰাম বৰাক সভাপতি, মুকুট দাসক কাৰ্যকৰী সভাপতি, বিৰেন বৰা, বিৰেন শইকীয়া আৰু ভবেন শইকীয়াক উপ-সভাপতি, কন্ঠ কুমাৰ দাসক প্ৰধান সম্পাদক, ধনদ্বীপ বৰা, নৃপেন বৰাক সহঃ সম্পাদক, বিপুল শইকীয়া, হৰিধন ডেকা, ৰাজীৱ বৰা, ৰূপেন ডেকাক সাংগঠনিক সম্পাদক, কমল জ্যোতি ডেকাক সাংস্কৃতিক সম্পাদক আৰু যাদৱ ডেকাক কোষাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া ওদালগুৰি জিলা সমিতিখন গঠন কৰা হয়।
নৱনিৰ্বাচিত সমিতিখনে অনাগত দিনত জিলাখনৰ কেওট সম্প্ৰদায়ৰ লোক সকলক একত্ৰিত কৰি অনুসূচীত মৰ্যদা, উন্নয়ন পৰিষদ বিচাৰি সংগ্ৰাম কৰাৰ লগতে কেওট সকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কাম কৰি যাব বুলি সংকল্প গ্ৰহণ কৰে।