ওদালগুৰিত কৃষিজাত সামগ্ৰীৰ বাণিজ্যকৰণৰ সজাগতা সভা…

ওদালগুৰিত কৃষিজাত সামগ্ৰীৰ বাণিজ্যকৰণৰ সজাগতা সভা…

ডিজিটেল সংবাদ, টংলা/ওদালগুৰিঃ ভাৰত চৰকাৰৰ লঘু কৃষক কৃষি বজাৰ সংস্থাৰ অধীনস্থ স্ম'ল ফাৰ্মাৰ্ছ এগ্ৰি-বিজিনেছ কনচ'ৰটিয়াম আৰু অডালগুৰি এগ্ৰ' প্ৰ'ডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত তথা চিচিএছ নেশ্যনেল ইনষ্টিটিউট অফ এগ্ৰিকালছাৰেল মাৰ্কেটিং সংস্থাৰ সহযোগত ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিত কৃষিজাত সামগ্ৰীৰ বিপনন বিষয়ত এলানি প্ৰশিক্ষণ অনুষ্ঠিত হয়৷

কৃষিজাত সামগ্ৰীৰ উৎপাদক আৰু কৃষকসকলৰ অংশগ্ৰহণৰে অনুষ্ঠিত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অঞ্চুমই খুংগুৰ বড়োৱে৷ যুৱ কৃষকৰ উপৰি যথেষ্ট সংখ্যক উদ্যমী মহিলা ক্ষুদ্ৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি স্ম'ল ফাৰ্মাৰ্ছ এগ্ৰি'-বিজিনেছ কনসৰ্টিয়ামৰ তত্বাবধায়ক সন্তোষ কুমাৰ দাস আৰু আঁচনি সমন্বয়ক ৰতন দাসে ওদালগুৰিকে ধৰি বিটিএডি অঞ্চলত যথেষ্ট পৰিমাণৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন হয় যদিও ইয়াৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয়কৃত ব্যৱস্থাৰে বিপনন কৰিব নোৱাৰাৰ বাবে উৎপাদক আৰু কৃষকসকলে উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে ৷

পৰম্পৰাগত উৎপাদন পদ্ধতি পৰিহাৰ কৰি ৰাষ্ট্ৰীয়কৃত বজাৰত উপলব্ধ সামগ্ৰীৰ সৈতে ফেৰ মাৰিব পৰাকৈ বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে উপযুক্তভাৱে সংৰক্ষণ আৰু সু-পৰিকল্পিত ব্যৱস্থাৰে বিপনন কৰিব পাৰিলেহে ওদালগুৰিৰ দৰে কৃষকসকলে প্ৰকৃতাৰ্থত লাভৱান হ'ব বুলি মন্তব্য কৰে ৷

কৃষকসকলক সংগবদ্ধ উৎপাদক গোট গঠনৰ জৰিয়তে চৰকাৰী আঁচনি, কৃষি বিকাশ কেন্দ্ৰৰ উপৰি নাবাৰ্ডৰ দৰে সংস্থাই প্ৰদান কৰা সুবিধা লাভ কৰাৰ লগতে নিজৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ দখল কৰাৰ আহ্বান জনায় ৷ প্ৰশিক্ষণত ওদালগুৰি জিলা কৃষি বিষয়া মুকুল শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ড° দেৱাশীস বৰা, বিটিচিৰ কৃষি বিভাগৰ কাৰিকৰী উপদেষ্টা ড° ডি মহন্ত উপস্থিত থাকি উদ্যমী কৃষকৰ লগতে মহিলা ক্ষুদ্ৰ উদ্যোগীসকলৰ উচাহ প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in