ওদালগুৰিত আত্মসহায়ক গোট মেলাঃ বহিঃৰাজ্যৰ গামোচা-দখনা বন্ধৰ আহ্বান আত্মসহায়ক গোটৰ…

ওদালগুৰিত আত্মসহায়ক গোট মেলাঃ বহিঃৰাজ্যৰ গামোচা-দখনা বন্ধৰ আহ্বান আত্মসহায়ক গোটৰ…

author-image
asomiyapratidin
New Update
ওদালগুৰিত আত্মসহায়ক গোট মেলাঃ বহিঃৰাজ্যৰ গামোচা-দখনা বন্ধৰ আহ্বান আত্মসহায়ক গোটৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু ওদালগুৰি জিলা মিচন মেনেজমেন্টৰ সহযোগত মঙলবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাংগনত অনুষ্ঠিত হয় আত্মসহায়ক গোটৰ মেলা আৰু ষ্টেক হোল্ডাৰ মিটিং। মেলাখন আনুষ্ঠানিক ভাৱে মুকলি কৰি ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই প্ৰদান কৰা ভাষণত মহিলাসকলৰ বাবে চৰকাৰে গ্ৰহন কৰা ব্যৱস্থাৱলীৰ বিষয়ে চমু বাখ্যা দাঙি ধৰি প্ৰতিগৰাকী মহিলাকে আত্মনিৰ্ভৰশীল হবলৈ আহ্বান জনায়।

Advertisment

এচ আৰ এল এমৰ ওদালগুৰি শাখাৰ বিষয়া পাৰ্থপ্ৰতিম বৰদলৈয়ে পৰিচালনা কৰা অনুষ্ঠানটিত পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়েও উপস্থিত থাকি মহিলাসকলে নিজকে স্ব-নিৰ্ভৰশীল হৈ নিজৰ ঘৰখনৰ লগতে সমাজ খনক কেনেকৈ আগুৱাই নিব পাৰি এই ক্ষেত্ৰত নিয়োজিত হবলৈ আহ্বান জনায়। আয় বৃদ্ধিৰ ক্ষেত্ৰত কি ধৰনে কি দৰে আগবাঢ়িব লাগে তাৰেও আভাষ নিজৰ ভাষণত প্ৰদান কৰে বিধায়িকাই গৰাকীয়ে।

জিলা সমাজ কল্যান বিষয়া বীনা দাস বড়ো আৰু জিলা মীন বিষয়া চান মঃ আলীয়ে সভাত ভাষন দি মহিলা সকলক আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনাই কয় যে বৰ্তমান যুগত মহিলাসকলে স্ব-নিৰ্ভৰশীল হোৱাৰ বহুতো উপায় আছে। মাথে তেওঁলোক আগ্ৰহেৰে ওলাই আহি কৰ্মনিষ্ঠাৰে নিজৰ কামত আৰু লক্ষত অগ্ৰসৰ হব লাগিব।

ইপিনে বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচা, দখনা, চীনা সামগ্ৰী আদি বন্ধ নহলে এনে মেলা অনুষ্ঠিত কৰিলেও ইয়াৰ পৰা পৰা বিশেষ উপকৃত নহয় বুলি মন্তব্য কৰিছে স্থানীয় আত্মসহায়ক গোটৰ সদস্যাসকলে। বহিৰাজ্যত উৎপাদিত দুই নম্বৰী তথা সস্তীয়া সামগ্ৰী সমূহে স্থানীয় উপাদিত গামোচা, দখনা আদি সামগ্ৰীৰ বজাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। কম দামত লাভ কৰা বাবে বিভিন্ন জনে তেনে বহিঃৰাজ্যত নিৰ্মিত অথবা চীনা সামগ্ৰী ক্ৰয় কৰে।

ইয়াৰ বিপৰীতে নিজৰ তাত শালত উৎপাদিত থলুৱা সামগ্ৰীবোৰ বিক্ৰী হ্ৰাস হৈছে। সেয়ে বহিঃৰাজ্যৰ দুই নম্বৰী গামোচা, দখনা আৰু বিভিন্ন চীনা সামগ্ৰীৰ প্ৰচলন বন্ধ কৰি আত্ম সহায়ক গোটৰ উৎপাদিত সামগ্ৰীৰ বাবে তেওঁ উপযুক্ত বজাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। এই মেলাত বিভিন্ন আত্ম সহায়ক গোটৰ উৎপাদিত সামগ্ৰীও প্ৰদৰ্শন কৰা হয়।