Advertisment

চাউল বিতৰণৰ অনিয়মৰ ক্ষেত্ৰত সমবায় বিভাগৰ বিৰুদ্ধে উঠা অভিযোগক লৈ সদৌ অসম সমবায় বিষয়া সন্থাৰ প্ৰতিক্ৰিয়া…

চাউল বিতৰণৰ অনিয়মৰ ক্ষেত্ৰত সমবায় বিভাগৰ বিৰুদ্ধে উঠা অভিযোগক লৈ সদৌ অসম সমবায় বিষয়া সন্থাৰ প্ৰতিক্ৰিয়া…

author-image
asomiyapratidin
New Update
চাউল বিতৰণৰ অনিয়মৰ ক্ষেত্ৰত সমবায় বিভাগৰ বিৰুদ্ধে উঠা  অভিযোগক লৈ সদৌ অসম সমবায় বিষয়া সন্থাৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ, ওদালগুৰি: শেহতীয়াকৈ চৰকাৰীভাবে যোগান ধৰা দৰিদ্ৰ লোকৰ চাউল বিতৰণৰ ক্ষেত্ৰত কেতবোৰ অনিয়মৰ বাতৰিত অসম চৰকাৰৰ সমবায় বিভাগৰ নাম ভুল ব্যাখ্যাৰে প্ৰকাশ হৈ থকাত উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম সমবায় বিষয়া সন্থাই। বিষয়া সন্থাৰ সভাপতি আতিকুৰ ৰহমান আৰু সাধাৰণ সম্পাদক ৰাহুল দেৱ গোস্বামীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত জনাইছে যে চৰকাৰী সুলভ মূল্যৰ চাউল যোগান-বিতৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ ভাবে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীনত চলি আছে।

Advertisment

কিন্তু শেহতীয়াকৈ সংঘটিত হোৱা কেইবাটাও অনিয়মৰ ঘটনাত পোনে পোনে সমবায় বিভাগ তথা ইয়াৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাটো পৰিতাপৰ বিষয়। সন্থাই বিজ্ঞপ্তিযোগে জনাইছে যে সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা সকলৰ চাউলমুঠিৰ ক্ষেত্ৰত হোৱা কোনো অনিয়মৰ সমৰ্থন তেওঁলোকে নকৰে। যি বিভাগৰে বা যি পক্ষৰে নহওক, দোষীয়ে উচিত শাস্তি পাব লাগিব। কিন্তু কেৱল লকডাউনৰ সময়তে নহয়, দীৰ্ঘদিন ধৰি অসমৰ মুঠ ৭৯১ খন গাওঁ পঞ্চায়ত সমবায় সমিতিয়ে বিভিন্ন অসুবিধাৰ মাজতো নিজা পুঁজি বিনিয়োগৰ দ্বাৰা দৰিদ্ৰজনলৈ অন্নমুঠি আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ মহৎ প্ৰচেষ্টাৰ প্ৰতি সহাৰি জনাই কৰ্তব্যনিষ্ঠাৰে কাম কৰি আহিছে।

এইক্ষেত্ৰত এফ চি আইৰ পৰা যোগান বিভাগৰ তত্ত্বাৱধানত গাওঁ পঞ্চায়ত সমবায় সমিতি সমূহে চাউল ক্ৰয় কৰি যোগান বিভাগৰে অনুজ্ঞাপ্ৰাপ্ত দোকানসমূহৰ দ্বাৰা উপভোক্তা সকলৰ মাজত বিতৰণ কৰি আহিছে। স্মৰ্তব্য যে যোৱা দহমাহ ধৰি সমবায় সমিতিসমূহে তেওঁলোকৰ চৰকাৰীভাবে প্ৰাপ্য কমিছন, পৰিবহণ খৰছ নোপোৱাকৈ আছে। বিটিএডি এলেকাত ২৯ মাহ ধৰি এই ধনৰাশি অনাদায় হৈ আছে।

তেনে অৱস্থাতো চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াই সমবায় সমিতি সমূহে অশেষ উদ্যমেৰে কাম কৰি আহিছে আৰু তেনে ক্ষেত্ৰত কেতবোৰ ঠাইত হোৱা কোনো কোনো অনিয়মৰ ঘটনাত সংশ্লিষ্ট বিভাগ বা সেই বিভাগৰ অনুজ্ঞাপ্ৰাপ্ত দোকান সমূহৰ কাম কাজৰ তদন্ত নকৰাকৈ, কেৱল সমবায় সমিতি সমূহ আৰু সমবায় বিভাগক সাঙুৰি বাতৰি প্ৰকাশিত হৈ আহিছে। প্ৰকৃতাৰ্থত চৰকাৰী সূলভ মূল্যৰ চাউলৰ আহৰণ আৰু বিতৰণৰ তদাৰক তথা নিয়ন্ত্ৰণ ৰ পৰা সমবায় বিভাগৰ বিষয়া কৰ্মচাৰী সকলক আঁতৰাই ৰাখি, চাউল বিতৰণৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত হোৱা যিকোনো অনিয়ম আৰু ভুলৰ বাবে সমবায় বিভাগক দোষাৰোপ কৰাটো কিছু লোকৰ অভ্যাসত পৰিণত হৈছে।

এইক্ষেত্ৰত সদৌ অসম বিষয়া সন্থাৰ সভাপতি আতিকুৰ ৰহমানে জানিবলৈ দিয়ে যে ইয়াৰ পিছৰ পৰ্যায়ত বিষয়টো চৰকাৰৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ উপৰিও সংবাদমেলৰ জৰিয়তে ৰাইজৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হ'ব। বিষয়া সন্থাই অৱশ্যে জানিবলৈ দিয়ে যে দেশৰ এই দূৰ্য্যোগৰ সময়ত আন কোনো বিভাগ বা কোনো পক্ষৰ প্ৰতি কোনোধৰণৰ দোষাৰোপ নকৰি কেৱল ৰাইজৰ সেৱাৰ স্বাৰ্থত অসম চৰকাৰৰ বিভাগ সমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ উদেশ্যৰে আৰু বিভাগ সমূহে নিজৰ নিজৰ দায়িত্ব সুচাৰুভাৱে সম্পূৰ্ণ কৰিবৰ বাবে এই বিজ্ঞপ্তি প্ৰেৰণ কৰা হৈছে।

বিষয়া সন্থাৰ সম্পাদক ৰাহুল দেৱ গোস্বামীয়ে লগতে জনাইছে যে- লকডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰ তথা প্ৰশাসনে সমবায় বিভাগৰ অধীনস্থ সমিতিসমূহৰ কাম কাজ সমূহ, অসম সমবায় আইন, ২০০৭ মতে, কভিড-১৯ৰ দূৰ্যোগ ব্যৱস্থাপনা বিধি মানি নিয়মীয়াকৈ চলাই নিয়াৰ বাবে বিষয়াসকলক অনুমতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে আৰু এইক্ষেত্ৰত বিষয়াসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত হোৱাটো কামনা কৰিছে।