/asomiyapratidin/media/media_files/2025/12/12/1-2025-12-12-08-58-06.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ সমজিলাৰ হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাগ্য ডেকাৰ নেতৃত্বত চলোৱা এক অভিযানত ইটানগৰৰ ইয়াজুলীৰ এক দুৰ্গম এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কলাবাৰী অঞ্চলৰ দুগৰাকী যুৱকৰ দুখনকৈ গাড়ী।হাৱাজান আৰক্ষীৰ অভিযানত ডেৰ বছৰৰ মূৰত উদ্ধাৰ হয় গাড়ী দুখন।
জানিব পৰা মতে, হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত মিকিৰ বৰা চুকৰ দীপ বৰা নামৰ যুৱক জনে ২০২৪ বৰ্ষৰ মে' মাহত ক্ৰয় কৰা এল্ট' কে টেন গাড়ীখন গাগল গাঁৱৰ গজেন ভূঞা(৪২) নামৰ যুৱকজনে ভাড়াৰ বন্দোবস্তিৰে চলাবলৈ লয়। ইয়াৰ পিছত নিয়মিত ধৰণে গজেন ভূঞাই দীপ বৰাক গাড়ীৰ ভাড়া আদায় দি আহে।
ফলত গজেন ভূঞাৰ আচৰণত বিশ্বাস জন্মিবলৈ লয় দীপ বৰাৰ। সমসাময়িক ভাবে পহুকটাৰ মমিন বৰা নামৰ যুৱকজনৰ টাটা য়ুদ্ধা মালবাহী গাড়ীখনো তেনেধৰণেৰে ভাড়াত লয় গজেন ভূঞাই। মমিন বৰাকো নিয়মিত ভাবে ভাড়া আদায় দি যায় গজেন ভূঞাই। কিন্তু এনেদৰে কেইমাহমান নিয়মিত ভাবে ভাড়া আদায় দি অহাৰ পিছত ৰহস্যজনকভাবে অন্তৰ্ধান হৈ পৰে গজেন ভূঞা।
আনকি গজেন ভূঞাই নিজৰ গৃহভূমি গাগল গাঁৱৰ লগত সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰৰ দুৰ্গম ঠাইত থাকিবলৈ লোৱাৰ লগতে উক্ত গাড়ী দুখন ইয়াজুলীৰ এজন অৰুণাচলী লোকক ভাড়ালৈ দিয়ে।
ইপিনে এইক্ষেত্ৰত দীপ বৰাই হাৱাজান আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অব্যাহত ৰখা অভিযানৰ মাজতে কালি আৰক্ষী বিষয়া ভাগ্য ডেকাৰ নেতৃত্বত যোৱা হাৱাজান আৰক্ষীৰ এটা দলে ইটানগৰৰ ইয়াজুলীৰ এক দুৰ্গম অঞ্চলৰ পৰা উক্ত গাড়ী দুখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
তদুপৰি উক্ত ঘটনাৰ লগত জড়িত গজেন ভূঞাকো গ্ৰেপ্তাৰ কৰে হাৱাজান আৰক্ষীয়ে।যোৱা প্ৰায় ডেৰ বছৰ ধৰি সন্ধানহীন হৈ থকা গাড়ী দুখন উদ্ধাৰ কৰাৰ পিছত যোৱা নিশা হাৱাজান আৰক্ষী চকীলৈ লৈ অহা হয়।হাৱাজান আৰক্ষীৰ এই তৎপৰতাক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us