অৰুণাচলৰ ঘন জংঘলৰ মাজৰ পৰা উদ্ধাৰ আন ২ জন নিৰুদ্দিষ্ট শ্ৰমিকঃ এতিয়াও পাহাৰৰ মাজত আবদ্ধ ৯ জন…

অৰুণাচলৰ ঘন জংঘলৰ মাজৰ পৰা উদ্ধাৰ আন ২ জন নিৰুদ্দিষ্ট শ্ৰমিকঃ এতিয়াও পাহাৰৰ মাজত আবদ্ধ ৯ জন…

author-image
asomiyapratidin
New Update
অৰুণাচলৰ ঘন জংঘলৰ মাজৰ পৰা উদ্ধাৰ আন ২ জন নিৰুদ্দিষ্ট শ্ৰমিকঃ এতিয়াও পাহাৰৰ মাজত আবদ্ধ ৯ জন…

ডিজিটেল সংবাদ অৰুণাচলঃ যোৱা ৫ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত নিৰুদ্দেশ হৈ থকা অসমৰ ১৯ জন শ্ৰমিকৰ আৰু দুজনক আজি উদ্ধাৰ কৰা হয়। আজি আন দুজন নিৰুদ্দেশ হৈ থকা অসমৰ শ্ৰমিকক অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাৰ দামিন ৰাজহ চক্ৰৰ বুলি আৰু কাপা বস্তিৰ মাজৰ ঘন অৰণ্যৰে পৰা স্থানীয় গাৱৰ উদ্ধাৰকাৰী অভিযানৰ দল এটাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ কৰা শ্ৰমিক দুজনৰ নাম খলিবুদ্দিন শ্বেইখ (২৭ বছৰ) আৰু ছামিদুল শ্বেইখ বুলি কুৰুং কুমে জিলাৰ উপায়ুক্ত নিঘি বেংগীয়াই জানিবলৈ দিছে। দুয়োজন শ্ৰমিকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় আৰু কাইলৈ হেলিকপ্তাৰ যোগে নাহৰলাগুনলৈ অনাৰ সম্ভাৱনা আছে।

এই শ্ৰমিক দুজনৰ লগত একেলগে থকা আন ৪ জন শ্ৰমিকক তেওঁলোকে পাহাৰৰ মাজত এৰি থৈ অহা বুলি জানিবলৈ দিছে। আজি স্থানীয় উদ্ধাৰকাৰী দলে দামিন অৰণ্যত থকা বিষাক্ত সাপৰ বাবে নিশাৰ ভাগৰ অভিযান বন্ধ কৰি সুৰক্ষিত স্থানলৈ উলটি আহে।

আজি বেয়া বতৰৰ বাবে বায়ুসেনাই হেলিকপ্তাৰেৰে অনুসন্ধান চলাব নোৱাৰিলে। ১৯ জন শ্ৰমিকৰ দহজনক এই পৰ্যন্ত জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু আন তিনিজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। আন ছয়জন শ্ৰমিক এতিয়াও জংঘলৰ মাজতে আছে।