/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/twonizeriiannanarraesteaddaUntitled-3.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ কয়লা, চুপাৰী আৰু সাৰ চিণ্ডিকেটৰ সৈতে ব্যস্ত থকা বৰাক আৰক্ষীক প্ৰত্যাহ্বান জনাই পুনৰ অবৈধ নাইজেৰিয়ান নাগৰিকৰ মেঘালয়ত প্ৰবেশ ৷ বৰাক আৰক্ষীৰ চকুত ধুলি দি মেঘালয়ত প্ৰবেশ কৰা দুগৰাকী অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পিচত পোহৰলৈ আহিছে বৰাক আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰুপ ৷ প্ৰশ্ন উঠিছে বৰাকৰ নিৰাপত্তা ব্যৱস্হাক লৈও ৷ মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ ডিষ্ট্ৰিক্টৰ অধীন ক্ল্যাৰিয়েট থানা এলাকাৰ উমটিয়াৰা তালাচী চকীত ধৰা গ্ৰেপ্তাৰ হল দুই নাইজেরিয়ান। ১৪ জানুৱাৰীৰ দিনা আগৰতলা- গুৱাহাটী অভিমুখী এখন নৈশবাছত তালাচী চলাই মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাইজেৰিয়ান দুজনক ৷
মেঘালয় আৰক্ষীৰ এক সূত্রই জনোৱা মতে, ধৃত নাইজেৰিয়ান দুজনৰ নাম জেমছ ওৰফাৰ ওমেয়া (৩২) আৰু পল চিদিবেৰা নাওন(২৮) ৷ তেওঁলোকৰ ঘৰ ক্ৰমে নাইজেৰিয়াৰ আনামব্রা আৰু লাগোছ প্ৰদেশত ৷ নাইজেৰিয়ান দ্বয়ে অবৈধভাবে আগৰতলা- বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰবেশ কৰে ৷ পিচত গুৱাহাটী অভিমুখী নৈশবাছত যোৱাৰ সময়তে মেঘালয় আৰক্ষীৰ হাতত উমটিয়াৰ তালাচী চকীত গ্ৰেপ্তাৰ হয় ৷ অবৈধভাবে ভাৰতত প্ৰবেশ কৰি নাইজেৰিয়ান গ্ৰেপ্তাৰ হোৱা এই প্ৰথম ঘটনা নহয় ৷ বিগত ৩-৪ মাহত মুঠ ২২ জন আফ্রিকান নাগৰিক গ্ৰেপ্তাৰ হয় মেঘালয় আৰক্ষীৰ হাতত ৷ ইয়াৰ সৰহ সংখ্যকে নাইজেৰিয়াৰ নাগৰিক।
ইয়াৰ পুৰ্বে গ্ৰেপ্তাৰ হোৱা ২২ জন নাইজেৰিয়ানে আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে, তেওঁলোকে ভাৰতৰ বিভিন্ন ক্লাৱৰ হৈ ফুটবল খেলাৰ বাবে প্রথমে বাংলাদেশত উপস্হিত হয় ৷ ইয়াৰ পিচত ত্ৰিপুৰা ভাৰত- বাংলাদেশ সীমান্তৰে পাৰ হৈভাৰতত প্ৰবেশ কৰে ৷ ধৃত নাইজেৰিয়ান কেইজনৰ স্বীকাৰোক্তি সচা বুলি গন্য কৰিলেও তেওঁলোকৰ সৈতে কাৰোৱাৰ সম্পৰ্ক আছে নেকি সেই বিষয়টোও পৰীক্ষা কৰি আছেমেঘালয় আৰক্ষীয়ে ৷
ইফালে, এজনৰ পিচত আন এজনকৈ মুঠ চৌব্বিশজন নাইজেৰিয়ান মেঘালয়ত গ্ৰেপ্তাৰ হোৱাৰ পিচত বর্তমান প্রশ্ন উঠিছে বৰাক উপত্যকাৰ আৰক্ষীৰ ভূমিকাক লৈ ৷ ধৃত ২৪ জনেই আগৰতলা সীমান্তৰে ভাৰতত প্ৰবেশ কৰি বৰাক উপত্যকাৰ মাজেৰে মেঘালয়তসোমাইছে ৷ অথচ, বৰাক উপত্যকা পাৰ হোৱাৰ সময়ত কৰিমগঞ্জৰ ত্রিপুৰা সীমান্তৱর্তীচুড়াইবৰী আৰু কাছাৰৰ গুমৰা সহ আৰু কেইবাটাও তালাচী চকী অতিক্ৰম কৰিব লগা হয় নাইজেৰিয়ান কেইজনে ৷ অৱশ্যে কিছুদিন পুৰ্বে তিনি জন নাইজেৰিয়ানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষমহৈছিল চোৰাইবৰী তালাচী চকীৰ আৰক্ষীয়ে ৷
এই পৰিস্থিতিত স্বাভাবিকভাবেই প্রশ্ন উঠিছেকাছাৰ আৰু কৰিমগঞ্জ আৰক্ষীৰ ভূমিকাক লৈ । কয়লা, চুপাৰি, সাৰ, বালি আৰু শিল আদি চোৰাং সামগ্ৰীৰ পিচত ব্যস্ত থকা বৰাক উপত্যকাৰ আৰক্ষীয়ে এই সকল অবৈধ অনুপ্রবেশকাৰী বিৰুদ্ধে অভিযান চলাবলৈ সময় কিয় নাপায়? ২৪ জন আফ্রিকান নাগৰিকে বিনা বাধাই বৰাক পাৰ হোৱাৰ পিচত এই কথা স্পষ্টহৈ পৰে যে -দেশবিৰোধী শক্তিৰ সৈতে জড়িত কোনো লোক বৰাকৰ মাজেৰে পাৰ হলেও আৰক্ষীৰ কৰিবলৈ একো নাথাকিব ৷