দুধনৈত দুই দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ…

দুধনৈত দুই দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
দুধনৈত দুই দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ দুধনৈঃ দুধনৈত গ্ৰেপ্তাৰ হৈছে দুই দুৰ্ধৰ্ষ ডকাইত । ধৃত ডকাইত দুটা হ'ল খাৰকুটাৰ গীলবাৰ্ট চাংমা (৩০) আৰু দুধনৈ থেকাছুৰ সুষ্টম ৰাভা (৩১) ওৰফে কাল্টু । শনিবাৰে নিশা গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নেতৃত্বত আৰু মেঘালয় আৰক্ষীৰ সহযোগত দুধনৈৰ সমীপৱৰ্ত্তী অসম-মেঘালয় সীমান্তত চলা এক অভিযানত এই দুয়োটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে দুধনৈৰ লেলাৰ "হিয়া হাৰ্ডৱেৰ" দোকানত এক লোম হৰ্ষক ডকাইতি কাণ্ড সংঘটিত সংঘটিত কৰিছিল ৫ জনীয়া ডকাইতিৰ দলে আৰু সেই ডকাইতিৰ ঘটনাৰ সতে জড়িত দুই ডকাইতক ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত ডকাইত দুটাৰ পৰা এটা পুতলা পিষ্টল, মোবাইল ফোন এটা আৰু এখন খুকুৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ।