ধেমাজিৰ কৃষকলৈ ভাৰত চৰকাৰৰ বিশেষ বঁটা

ধেমাজিৰ কৃষকলৈ ভাৰত চৰকাৰৰ বিশেষ বঁটা

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ কৃষকলৈ ভাৰত চৰকাৰৰ বিশেষ বঁটা

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ কৃষকলৈ কৃষি ক্ষেত্ৰত আগবঢ়োৱা বৰঙনিৰ বাবে ভাৰত চৰকাৰৰ বঁটা ৷ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে আগবঢ়াইছে এই বঁটা ৷ যি বঁটাত আছে একলাখ টকাৰ নগদ ধন ৷

Advertisment

ধেমাজিৰ চিলাপথাৰৰ বিজয় পামে আৰু ধেমাজিৰ লাখটকীয়াৰ বলীন পাত্ৰ নিৰ্বাচিত হৈছে এই বঁটাৰ বাবে। দুয়োজন কৃষকে অসমৰ থলুৱা বাওধানৰ জাত সংৰক্ষণ আৰু উৎপাদন কৰাৰ লগতে ৰপ্তানী বাণিজ্যৰ বাবে অসম কৃষি বিশ্ব বিদ্যালয় আৰু উত্তৰ লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ অনুমোদন ক্ৰমে নিৰ্বাচিত হৈছে এই বঁটাৰ বাবে ৷

অহা ১২ চেপ্তেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব লগীয়া ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ কৃষকৰ অধিকাৰ সন্দৰ্ভত গোলকীয় কৃষক সন্মিলনত কৃষকদ্বয়ক প্ৰদান কৰা হ'ব এই বঁটা।