একেটা কোঠাতে বিবাহিত পুৰুষ-মহিলাৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱত (১নং চামগুৰি) পুৰুষ আৰু মহিলাৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
একেটা কোঠাতে বিবাহিত পুৰুষ-মহিলাৰ  ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱত (১নং চামগুৰি) পুৰুষ আৰু মহিলাৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে সোমবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত পান দোকানী নিখিল নাথৰ পত্নী তথা তিনিটা সন্তানৰ ৪২ বছৰীয়া মাতৃ আৰু নাপিত তথা এটা সন্তানৰ পিতৃ সঞ্জীৱ শীল(৩০)ৰ মৃতদেহ উদ্ধাৰ হয়।

উদ্ধাৰৰ সময়ত মহিলাগৰাকীৰ মৃতদেহটো তলত আৰু সঞ্জীৱৰ মৃতদেহটো চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ইয়াৰ লগে লগে অঞ্চলটোত হুৱা-দুৱা লাগে। নিখিল নাথে কামৰ পৰা উভতি আহি বকলীয়াঘাটত ঘৰত উপস্থিত হোৱাৰ পিছত পত্নীৰ মুখৰ পৰা তেজ ওলোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ।

একাংশ লোকৰ মতে সঞ্জীৱ শীলে মহিলাগৰাকীক নিৰ্যাতন চলাই পাছত আত্মহত্যা কৰে। অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে প্ৰকৃত ৰহস্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে । দুয়োৰে মৃতদেহ আৰক্ষীয়ে ডিফুলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

Also Read: ছিণ্ডিকেটৰ ধনঃ সকলোৱেচোন কৰে মন...

Assam police