/asomiyapratidin/media/media_files/2025/11/15/ap-web-3-1-2025-11-15-21-05-51.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃৰাজ্যৰ সাহিত্যৰ ক্ষেত্ৰলৈ এক বৃহৎ ক্ষতি। বিশিষ্ট শিক্ষাবিদ তথা শিৱসাগৰৰ ছহিদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তুৱাৰাম খনিকৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ মৃত্যু বৰণ কৰে শিক্ষাবিদ গৰাকীয়ে।
শিৱসাগৰ জিলাৰ চাৰিং অগ্নিগড় খনিকৰ গাঁৱত জন্মগ্ৰহণ কৰা মহান শিক্ষাবিদ গৰাকী আছিল ইংৰাজী সাহিত্যৰ ছাত্ৰ। ১৯৫৫ চনত ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈ শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা আইএ পৰীক্ষা পাছ কৰিছিল তুৱাৰাম খনিকৰে।
১৯৭৩ চনত গুৱহাটী বিশ্ব বিদ্যালয়ৰ পৰা এমএ ডিগ্ৰী লৈছিল তেখেতে। ১৯৫৭ চনতেই ফুলপানীছিগা এমই স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ পৰা আৰম্ভ কৰি দেওৰজা জনতা হাইস্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক, শশীধৰ ফুকন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক,দিকচু হাইস্কুলৰ শিক্ষক, চামগুৰি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল তেওঁ।
ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি পিয়লি ফুকন মহাবিদ্যালয়ত ১৯৭১ চনত যোগদান কৰা তুৱাৰাম খনিকৰে ১৯৭২ চনত মণিৰাম দেৱান মহাবিদ্যালয়ত যোগদান কৰিছিল। ১৯৯৯ চনত সেই মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা খনিকৰে প্ৰাচাত্য সাহিত্যৰ সৈতে একাত্ম হৈও সনাতন পৰম্পৰাৰ প্ৰতি লৈ ফুৰিছিল গভীৰ শ্ৰদ্ধা আৰু দৃঢ়তা।
উল্লেখ্য যে, জীৱনৰ লেছেৰী বুটলি, চিন্তা বিচিত্ৰা, ইত্যাদি ইত্যাদি ইত্যাদি তেখেতৰ প্ৰৱন্ধ সংকলন। নিবিৰ অনুভৱ তেখেতৰ কাব্য সংকলনৰ নাম। ৬খনকৈ গ্ৰন্থ, হাজাৰতকৈ অধিক প্ৰৱন্ধ শিক্ষাবিদ গৰাকীয়ে নিজৰ নামত কৰি গৈছে। সাম্প্ৰতিক কালত ভাওনাৰ স্বৰূপ বক্তা আছিল বিশিষ্ট সাহিত্যিক গৰাকী।
'পৰিব্যাপ্তি' শীৰ্ষক ২৫৬ ৰো অধিক পৃষ্ঠাৰ তেওঁৰ অভিনন্দন গ্ৰন্থত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে তেখেতৰ জীৱন, কৰ্মস্থান, সামাজিক কাম-কাজ, ব্যক্তিত্ব আদিৰ পৰ্যালোচনা কৰিছে। তাৰোপৰি বিশিষ্ট শিক্ষাবিদ গৰাকীক আউনীআটী সত্ৰৰ ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা আৰু আমগুৰি বান্ধৈৰ ২০২৪ চনৰ ৰঙামুৱা বীৰ বঁটাও প্ৰদান কৰা হৈছিল।
এইগৰাকী মহান শিক্ষাবিদৰ দেহাৱসানে আজি সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us